![]()
নিউজ ডেস্কঃ
যেতিয়ালৈকে সন্তান প্রাপ্তবয়স্ক নহয়, তেতিয়ালৈকে ভৰণপোষণৰ দায়িত্ব পিতৃৰ। পতি-পত্নীৰ মাজৰ বিবাদ সংক্রান্তীয় এক গোচৰত এই ৰায় ছুপ্ৰিম কোৰ্টৰ। ন্যায়াধীশ এম এ শ্বাহ আৰু এ এছ বোপন্নাৰ বিচাৰপীঠৰ ৰায়, পতি-পত্নীৰ বিচ্ছেদ ঘটিলেও যাতে সন্তানৰ ভৱিষ্যৎ অনিশ্চিত নহয় তাক নিশ্চিত কৰিবলৈয়েই এই ৰায়৷
ভাৰতীয় সেনাৰ এগৰাকী বিষয়া আৰু তেওঁৰ পত্নীৰ বিচ্ছেদৰ পিছত সন্তানৰ দায়িত্ব সন্দৰ্ভত অনিশ্চয়তাৰ সৃষ্টি হৈছিল। ২০১১ চনত তেওঁলোক পৃথকে থাকিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত আইনীভাৱে বিবাহ বিচ্ছেদ ঘটে। ১৪২ ধাৰা প্রয়োগ কৰি বিবাহ বিচ্ছেদৰ পিছৰ নির্দেশত সন্তানৰ ভৰণপোষণৰ বাবে ৫০ হাজাৰ টকাকৈ দিয়াৰ বাবে পাৰিবাৰিক আদালত আৰু হাইকোর্টে পিতৃক নির্দেশ দিয়ে।
কিন্তু ২০১৯ চনত সন্তানৰ ভৰণপোষণৰ খৰচ দিয়া বন্ধ কৰে সেনা বিষয়াজনে। তাৰ প্রতিবাদতে আদালতৰ দ্বাৰস্থ হৈছিল পত্নী। উক্ত গোচৰতে ছুপ্ৰিম কোৰ্টে এই গুৰুত্বপূৰ্ণ ৰায় দিয়ে৷












