![]()
ডিফুঃ
কাৰবি আংলং জিলাৰ বোকাজান মহকুমাৰ বিভিন্ন স্থানত অবৈধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে ৷
প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানা এলেকাৰ জপৰাজান সাপ্তাহিক বজাৰত বৰপথাৰ অ’চি ধ্ৰুৱজ্যোতি বৰা আৰু উপপৰিদৰ্শক মনোজ্জল গগৈয়ে ংগীয় ষ্টাফৰ সহযোগত এক নাকা তালাচী বহায় ৷ বিয়লি ২ বজাত উক্ত নাকা তলাচীত সন্দেশবশতঃ এজন লোকক তালাচী চলোৱাত লোকজনৰ কৱলৰ পৰা ১৫১২ টা নিচাযুক্ত SAMPFX+ কেপচুল উদ্ধাৰ কৰা হয় ৷
আটকাধীন লোকজন গোলাঘাট জিলা সৰু পথাৰ থানা এলেকাৰ কাৰিগাঁওৰ ২নং নাওজানৰ মৃত নিপেন দাসৰ পুত্ৰ অতুল দাস (৩২)বুলি জানিব পৰা গৈছে ৷ উদ্ধাৰ নিচাযুক্ত কেপচুল সমূহ বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰা হয় বুলি জানিব পৰা গৈছে ৷












