![]()
মনোৰঞ্জনঃ
ৰবীনা টেণ্ডনে স্পষ্ট কৰিলে ৯০ দশকৰ কিছু নজনা কথা। তেওঁ কয় যে ৯০ দশকত এনে কিছু মহিলা লেখিকা আছিলে যিসকলে নিজৰ মতে অভিনেত্ৰী সকলক তল পেলাবলে চেষ্টা কৰাৰ লগতে ঋণাত্মক কিছু কাহিনী প্ৰচাৰ কৰিছে। যদিহে কোনো অভিনেত্ৰী লেখিকা সকলৰ পচন্দৰ নাছিল তেতিয়া তেওঁলোকে নিজাববীয়াকৈ মিছা তথ্যৰ ভিত্তিত খবৰ প্ৰচাৰ কৰিছিল। পিছত যদিও সেই প্ৰচাৰৰ বাবে ক্ষমা বিচাৰিছিল তথাপিও সেইবোৰ গোপন হৈয়ে আছিল। কেৱল মাত্ৰ অভিনেতা সকলক সুখ প্ৰদানৰ বাবে এনে লেখা সমূহৰ প্ৰচাৰ কৰা হৈছিল বুলি ব্যক্ত কৰে অভিনেত্ৰী ৰবীনা টেণ্ডনে।
ৰবীনা টেণ্ডনে এই বিষয়ে স্পষ্টভাৱে মত প্ৰকাশ কৰাৰ লগতে বৰ্তমান সময়ৰ চচিয়েল মিডিয়া প্লেটফৰ্ম সমূহক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। কাৰণ, এই চচিয়েল মিডিয়াৰ বাবেই বৰ্তমান অভিনেত্ৰী গৰাকীয়ে নিজ অনুৰাগী সকলৰ সৈতে কথা পাতিব পাৰে অথবা মত বিনিময় কৰিব পাৰে।












