![]()
মনোৰঞ্জনঃ
অইন ষ্টাৰ কিডচ সমূহৰ দৰেই অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় আৰু অভিনেতা অভিষেক বচ্চনৰ জীয়ৰী আৰাধ্যা বচ্চন প্ৰায়ে ট্ৰোলৰ সন্মুখীন হৈ আহিছে। আৰাধ্যাৰ চলন ফুৰণৰ বাবেই তেওঁক প্ৰায়ে চচিয়েল মিডিয়াত ট্ৰোল কৰা দেখিবলৈ পোৱা যায়। অৱশ্যে, এই বিষয়ত বচ্চন পৰিয়ালে কোনো ধৰণৰ স্পষ্টীকৰণ দাঙি ধৰা নাই। কিন্তু পোনপ্ৰথমবাৰৰ বাবে শেহতীয়াকৈ অভিষেক বচ্চনে সকলোৰে আগত ট্ৰোলৰ উত্তৰ দিয়ে। অভিনেতা গৰাকী তেওঁৰ ছবি ‘বব বিশ্বাস’ ৰ প্ৰচাৰত ব্যস্ত হৈ থকাৰ সময়তে তেওঁক সাংবাদিকে আৰাধ্যাৰ বিষয়ত প্ৰশ্ন কৰাত তেওঁ কয় যে,
“মই এগৰাকী প্লাবিক ফিগাৰ, মই মানিছোঁ। ইয়াৰ লগত মোৰ কন্যাৰ কোনোধৰণৰ সম্পৰ্ক নাই। কিন্তু এনেবোৰ কথা কোনোপধ্যেই সহ্যকৰ নহয়। যদিহে আপোনালোকৰ ওচৰত এনে কোনো কথা ক’বলগীয়া আছে, তেতিয়াহ’লে আহক মোৰ সমুখত কওক।”












