![]()
নিউজ ডেস্কঃ
বৃহস্পতিবাৰে কৰোনা ভাইৰাছৰ নতুন প্ৰজাতি ওমিক্রনত আক্রান্ত দুই ব্যক্তিৰ সন্ধান ওলায় কর্নাটকত। তেওঁলোকৰ ভিতৰত এগৰাকী ৪৬ বছৰীয়া ভাৰতীয় আৰু আনগৰাকী ৬৬ বছৰীয়া বিদেশী লোক। ওমিক্রনত আক্রান্ত উক্ত ভাৰতীয়জনৰ সংস্পর্শলৈ মুঠ ২১৮ জন আহিছে। উক্ত ২১৮ জনৰ ভিতৰত পাঁচ জন কোভিডত আক্রান্ত হোৱাৰ খবৰ প্রকাশ্যে ণহাৰ লগে লগেই নতুনকৈ উদ্বেগ বাঢ়িছে।
হস্পিটেল সূত্র মতে, যোৱা ২২ নৱেম্বৰত ব্যক্তিজনৰ কোভিড ৰিপোর্ট পজিটিভ আহে। জ্বৰ আৰু গাৰ বিষৰ দৰে সামান্য উপসর্গ আছিল তেওঁৰ। কোভিড পৰীক্ষাত চিটি মান কম থকাত তেওঁৰ নমুনা জিনোম ছিকুৱেন্সিঙৰ বাবে পঠোৱা হয়। ২২ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰ পর্যন্ত ঘৰতেই তেওঁ কোৱাৰেণ্টাইনত আছিল। ইয়াৰ পিছত ২৫ নৱেম্বৰত তেওঁক হস্পিটেলত ভর্তি কৰোৱা হয়। তাৰ পৰা তিনি দিনতেই সুস্থ হৈ ২৭ নৱেম্বৰত ঘরলৈ ঘূৰি যায় তেওঁ।
ইয়াৰ মাজতে ‘কনটেক্ট ট্রেচিং’ কৰি দেখা গৈছে যে ব্যক্তিজনৰ প্ৰত্যক্ষ সংস্পর্শলৈ আহিছে ১৩ জন। আৰু পৰোক্ষভাবে সংস্পর্শলৈ আহিছে ২০৫ জন। হস্পিটেল সূত্ৰ মতে, ব্যক্তিজনৰ প্রত্যক্ষ সংস্পর্শলৈ অহা ব্যক্তিসকলৰ ভিতৰত দুজন আৰু পৰোক্ষ সংস্পর্শলৈ অহাসকলৰ ভিতৰত তিনিজনৰ শৰীৰত কোভিডৰ উপস্থিতি লাভ কৰা হৈছে।
অৱশ্যে উক্ত পাঁচজন ব্যক্তি ওমিক্রনত আক্রান্ত হয়নে নহয় সেয়া জানিব পৰা হোৱা নাই। পাঁচজনকে বৰ্তমান কোৱাৰেণ্টাইনত ৰখা হৈছে।












