![]()
নিউজ ডেস্কঃ
কৰোনাৰ ওমিক্রন প্ৰজাতিক লৈ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে বিশ্বত। প্ৰায় ৩০খন দেশত প্ৰৱেশ কৰিছে কৰোনাৰ নতুন বিপজ্জনক প্ৰজাতি। ইয়াৰ ভিতৰত ভাৰতো আছে।
পৰিস্থিতি পর্যালোচনা কৰি ‘ইউৰোপিয়ান চেণ্টাৰ ফৰ ডিজিজ প্রিভেনচন এণ্ড কন্ট্রোল’ (ইচিডিচি)-এ জনাইছে, যিটো গতিত ওমিক্ৰন বিয়পি পৰিছে, শীঘ্ৰেই ডেল্টাক আঁতৰাই ই বিশ্বত মূল সংক্রামক প্ৰজাতি হৈ উঠিব।
ওমিক্রন সন্দৰ্ভত উদ্বেগজনক তথ্য দিছে নেচনেল ইনষ্টিটিউট ফৰ কমিউনিকেবল ডিজিজৰ বিশেষজ্ঞসকলে। তেওঁলোকে জনাইছে যে পূর্বতে কৰোনা ভাইৰাছত আক্রান্ত ব্যক্তিসকলো নতুনকৈ ওমিক্রনত আক্রান্ত হোৱাৰ সম্ভাৱনা আছে।
দক্ষিণ আফ্রিকাৰ আন এটি গৱেষণাই কৈছে, ওমিক্রন প্ৰজাতিৰ ‘ৰি–ইনফেকচনৰ’ অৰ্থাৎ পুনৰ সংক্ৰামক ক্ষমতাও ডেল্টা বা বিটাতকৈ ৩ গুণ বেছি। অর্থাৎ ডেল্টা বা বিটা প্ৰজাতিত এবাৰ আক্রান্ত হ’লে দ্বিতীয়বাৰ সংক্রমিত হোৱাৰ সম্ভাৱনা কম। আনকি প্রতিৰোধ ক্ষমতা সৃষ্টি হৈছিল শৰীৰত। ওমিক্রনত কিন্তু সেইটো নহয়। দ্বিতীয়বাৰ সংক্রমণৰ আশঙ্কা প্ৰায় ৩ গুণ বেছি।












