![]()
নিউজ ডেস্কঃ
ইউৰোপীয় ইউনিয়নৰ প্রধান উকছুলা ফন ডাৰ লিয়েনে জনাইছে যে শিশুসকলক ফাইজাৰ-বায়োএনটেকৰ কোভিড টীকা দিয়া হ’ব। ১৩ ডিচেম্বৰৰ পৰা এই দুই কোম্পানীৰ টীকা শিশুসকলক দিয়া আৰম্ভ হ’ব।
ওমিক্রন প্ৰজাতিসহ কোভিড আতঙ্কই গ্রাস কৰিছে ইউৰোপত। সকলোতকৈ শোচনীয় পৰিস্থিতি জার্মানীত। এই দেশখন ইউৰোপীয় ইউনিয়নৰ দায়িত্বতো আছে। জার্মানীৰ ৰবার্ট কক ইনষ্টিটিউটৰ তৰফৰ পৰা পৰিসংখ্যা দাঙি ধৰি জনোৱা হৈছে, বুধবাৰে ৬৭,১৮৬ জন তাত কৰোনাত সংক্রমিত হৈছে। মৃত্যু হৈছে ৪৪৬ জনৰ। প্রতি ১ লাখত আক্রান্ত ৪৪২ জন।
তাৰ ফলতেই ততাতৈয়াকৈ সিদ্ধান্ত লোৱা হয়। তাৰ লগতে বৰদিনৰ আগতে সতর্কও কৰি দিয়া হৈছে দেশবোৰক। এই পৰিস্থিতিত এইবাৰ তাত শিশুসকলক টীকাকৰণৰ কাম আৰম্ভ কৰিব ওলাইছে।












