![]()
নিউজ ডেস্কঃ
কণ্ঠশিল্পী তথা সংগীত পৰিচালক নিলোৎপল বৰাই লাভ কৰিছে ৰাষ্ট্ৰীয় ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন। ৱেব ছিৰিজ ‘Aspirants’ৰ সংগীত পৰিচালনাৰ বাবে নিলোৎপল বৰাই ‘শ্ৰেষ্ঠ মূল ছাউণ্ড ট্ৰেক’ত ফিল্মফেয়াৰ অ’টিটি বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।
ৰোহিত শৰ্মাৰ সৈতে যুটীয়াভাৱে নীলোৎপল বৰাই ৱেব ছিৰিজখনৰ বাবে সংগীত সৃষ্টি কৰিছিল। ছিৰিজৰ দুটা গানৰ সংগীত পৰিচালনা নীলোৎপল বৰাৰ। একেটা শিতানত নীলোৎপল বৰাৰ বিপৰীতে মনোনয়ন লাভ কৰিছে বলীউডৰ প্ৰখ্যাত সংগীত পৰিচালক শংকৰ এহছান লয় আৰু শচীন জিগৰে।












