![]()
মনোৰঞ্জনঃ
বিগত বৰ্ষত ক’ৰোণা দুৰ্যোগৰ সময়ছোৱাত বলীউডৰ অভিনেতা সনু সোদ এগৰাকী ভগৱান সদৃশ কাষ চাপিছিল জনসাধাৰণৰ মাজত। শেহতীয়াকৈ অভিনেতা গৰাকী ক’ৰোণাৰ নতুন সংস্কৰণ ও’মিক্ৰনক লৈও সাজু হৈ পৰিছে। দেশলৈ অহা এই নতুন সংকটক খণ্ডন কৰিবলৈ অভিনেতা গৰাকী পূৰ্ণ ৰূপে আগভেঁটি ধৰি থিয় দিছে বুলি মন্তব্য কৰে।
তেওঁ কয় যে, “মই সদায় সাজু হৈ আছোঁ। মই মানুহক সহায় কৰি আছোঁ। মোৰ ফোনটো কেতিয়াবা ২৪ ঘণ্টা বাজে। কেতিয়াবা ৰাতি বাজিলেও মই সঁহাৰি জনাও। মই কোৱাৰ দৰে, সমগ্ৰ দেশতে আমাৰ সম্পৰ্ক আছে। আমাৰ মানুহবোৰ আছে। আমাৰ নিৰ্দ্দিষ্ট প্ৰণালী আছে। যদি কিবা প্ৰয়োজন হয় আমি প্ৰতিটো সময়ত উপনীত হ’ব পাৰোঁ। মই ভাবোঁ, যেতিয়া যিকোনো মানুহৰ প্ৰয়োজন হ’ব পাৰে তেতিয়া যদি আপুনি সহায়ৰ হাতখন আগবঢ়াব পাৰে তেতিয়া সেইটোৱে আমাক সহায় কৰিব।”












