![]()
মনোৰঞ্জনঃ
বিগ বছ ১৩ ৰ বিজেতা তথা এগৰাকী সুদক্ষ অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৱে সমগ্ৰ মায়ানগৰীকেই মৰ্মাহত কৰি তুলিছিল। বৰ্তমানেও অনুৰাগী সকলে অভিনেতা গৰাকীক ৰোমন্থন কৰি বিভিন্ন পোষ্ট চচিয়েল মিডিয়া যোগে পোষ্ট কৰা দেখিবলৈ পোৱা যায়।
তেওঁৰ মৃত্যুত অতিকৈ মৰ্মাহত হৈছিল প্ৰেয়সী আৰু সিদ্ধাৰ্থৰ খুবেই প্ৰিয় বান্ধৱী শ্বেহনাজ গিল। তাই নিজ কৰ্মজীৱনলৈ ঘূৰিব নে সেয়াও এক প্ৰশ্নৰ আৱৰ্তত আছিল। কিন্তু, এতিয়া এনে লাগিছে যেন সিদ্ধাৰ্থ শুক্লাই নেদেখা দূৰৈৰ পৃথিৱীখনৰ পৰা শক্তি দিছে শ্বেহনাজ গিলক।
শ্বেহনাজে শেহতীয়াকৈ অনাথ আশ্ৰমলৈ গৈ তাত থকা লোকসকলক লগ কৰে। অভিনেত্ৰী তথা পঞ্জাৱৰ কণ্ঠশিল্পী গৰাকীৰ নতুন লুক আৰু সাৱলীল ব্যৱহাৰে আকৰ্ষণ কৰিছে সকলোকে। কৰ্মক্ষেত্ৰলৈ উভতিছে শ্বেহনাজ গিল, তেওঁৰ নতুন লুকত অনুৰাগীয়ে দেখিবলৈ পাইছে সিদ্ধাৰ্থ শুক্লাক।












