![]()
নিউজ ডেস্কঃ
ক্রমে বিভিন্ন দেশলৈ বিয়পি পৰিছে কৰোনাৰ নতুন প্রজাতি অ’মিক্রন। বহু দেশে বিভিন্ন ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিলেও ৰুধিব পৰা নাই অ’মিক্রনৰ গতি। তাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ দাবী, এই নতুন প্রজাতিৰ স্বর্গৰাজ্য হৈ উঠিব পাৰে এছিয়াৰ প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দেশবোৰ। সেয়ে এই দেশবোৰক স্বাস্থ্য আন্তঃগাঁথনি সম্প্রসাৰণৰ দিশত কাম কৰিবলৈ ক’লে হুই।
উল্লেখ্য, ইতিমধ্যে এছিয়াৰ ভাৰত, জাপান, মালয়েছিয়া, দক্ষিণ কোৰিয়া, ছিঙ্গাপুৰত প্ৰৱেশ কৰিছে অ’মিক্রন। বহু দেশেই পর্যটনৰ ওপৰত বাধা-নিষেধ জাৰি কৰিছে। কিন্তু হুৰ সাৱধানবাণী, ইয়াৰ দ্বাৰা বিশেষ লাভ নহ’ব। এই অঞ্চলত বাস কৰা ৬৫ কোটি মানুহৰ মাজত সংক্রমণ ৰোধাটো কেৱল ইয়াৰ দ্বাৰাই সম্ভৱ নহয়। হুৰ ৰিজিঅ’নেল ডিৰেক্টৰ টাকেছি কাছাই কয়, ‘কেৱল সীমান্ত নীতিৰ ওপৰত ভৰসা কৰিলে নচলিব। বৰং এই দেশবোৰৰ চৰকাৰে স্বাস্থ্য আন্তঃগাঁথনি উন্নয়নৰ দিশত নজৰ দিয়ক। এতিয়াৰ পৰাই কোভিড চিকিৎসা সন্দৰ্ভত পৰিকল্পনা আৰম্ভ কৰক৷’












