![]()
নিউজ ডেস্কঃ
চাৰিওফালে নিশ্ছিদ্র নিৰাপত্তা। বেজী এটা পৰাৰ শব্দতো সকলো সচকিত। এনে এক দুৰ্গ যেন স্থানতে কেটৰিনা কাঈফ আৰু ভিকি কৌশলৰ বিয়া। অতিথিসকলেও তাত প্ৰৱেশ কৰিলে মানিব লাগিব হাজাৰটা নিয়ম।
ৰাজস্থানৰ চৱাই মাধোপুৰ দুর্গত বিয়াৰ মণ্ডপ। তাত সংবাদ মাধ্যমৰ প্রবেশ নিষিদ্ধ। কোনো প্ৰকাৰে যাতে সংবাদ মাধ্যমৰ হাতলৈ বিয়াৰ ফটো নাযায় তাৰো ব্যৱস্থা কৰিছে দৰা-কইনাই। ফটো নোতোলাৰ বাবে অতিথিসকলে এখন চুক্তিপত্ৰত চহী কৰিব লাগিব। আমন্ত্রিতসকলৰ পৰিচয়ো গোপনে ৰখা হ’ব বুলি প্ৰকাশ। তাৰ উপৰি ফটো আৰু ভিডিও তোলাৰ বাবে কোনো ড্রোন কেমেৰাৰো ব্যৱহাৰ কৰা নহ’ব।
এই সকলোৰে উপৰি এটি কোড দেখালেহে অতিথিসকলক ভিতৰলৈ সোমাব দিয়া হ’ব। সেই কোড থাকিব গোপনে। এজনৰ কোড অন্যজনে জানিব নোৱাৰে। টুইটাৰত এটি পোষ্ট ইতিমধ্যে ভাইৰেল হৈছে। সেইটো এখন চিঠিৰ প্রতিলিপি। দাবী কতৰা হৈছে যে উক্ত চিঠিখন চৱাই মাধোপুৰ জিলা উপায়ুক্তৰ। তাত লিখা আছে, ‘অভিনেতা ভিকি কৌশল আৰু অভিনেত্রী কেটৰিনা কাঈফৰ বিয়াৰ অনুষ্ঠানৰ আয়োজনৰ বাবে শুক্রবাৰে পুৱা এক বৈঠকৰ ব্যৱস্থা কৰা হৈছে।’
উল্লেখ্য, যোৱা শুক্রবাৰেই তেওঁলোকৰ আইনী বিয়া অনুষ্ঠিত হোৱাৰ কথা আছিল৷ সেই বিষয়ে অৱশ্যে বিতং তথ্য নাই৷ ৯ তাৰিখে বিয়াৰ আনুষ্ঠানিকতা।












