![]()
নিউজ ডেস্কঃ
জিম লেকাৰ, অনিল কুম্বলেৰ পিছত এইবাৰ টেষ্ট ক্ৰিকেটৰ এটা ইনিংছত ১০টা উইকেট দখল কৰা খেলুৱৈ হিচাপে ৰেকৰ্ড গঢ়িলে এজাজ পেটেলে৷ ১৪৪ বছৰীয়া টেষ্ট ইতিহাসত এটা ইনিংছত ১০টা উইকেট দখল কৰা তৃতীয়জন বলাৰ হ’ল এজাজ৷ ভাৰতৰ বিৰুদ্ধে মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত এজাজে দখল কৰে ভাৰতৰ ১০টা উইকেট৷
ইয়াৰ পূৰ্বে জিম লেকাৰে অষ্ট্ৰেলিয়াৰ বিপক্ষে ১৯৫৬ চনত প্ৰথম এই ইতিহাস ৰচিছিল৷ তাৰ পিছত কুম্বলেই ১৯৯৯ চনত ২৬.৩ অ’ভাৰত ৭৪ ৰানৰ বিনিময়ত পাকিস্তানৰ ১০টা উইকেট দখল কৰিছিল৷
উল্লেখ্য, বিদেশৰ মাটিত সৰ্বোচ্চ উইকেট দখলৰ অভিলেখো গঢ়ে এজাজ পেটেলে৷












