![]()
স্বাস্থ্য প্ৰতিবেদন:
গেষ্ট্ৰিকৰ সমস্যা মচলাদাৰ খাদ্য আৰু বেয়া জীৱন-যাত্রাৰ কাৰণে ঘটে। গেষ্ট্ৰিকৰ সমস্যাৰ পৰা মুক্তিৰ প্রতিকাৰ কিছু উল্লেখ কৰা হ’ল :
পুদিনাৰ ৰস বা পুদিনা চাহ :
গেষ্ট্ৰিকৰ সমস্যা নিৰাময়ৰ অন্যতম শ্ৰেষ্ঠ ভেষজ হ’ল পুদিনা পাত। এক চামুচ পুদিনাৰ ৰস বা কিছু তাজা পুদিনা চাহে গেষ্ট্ৰিকৰ সমস্যাৰ পৰা মুক্তি দিব পাৰে। পুদিনাই পেটৰ ভিতৰত থকা গেছৰ পৰা মুক্তি পোৱাত সহায় কৰে।
আদা চাহ :
গেষ্ট্ৰিকৰ সমস্যাৰ চিকিৎসাৰ ক্ষেত্রত আদাই বিস্ময়কৰ কাম কৰে। এটি সতেজ আদাৰ টুকুৰা পানীত সিজাই চেকি লওক আৰু গেষ্ট্ৰিকৰ সমস্যা হ’লে খাওক। আদাত থকা জিঞ্জেৰলত এন্তি-অক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰি বৈশিষ্ট্য আছে। খোৱাৰ আগতে এক কাপ সিজোৱা আদাৰ পানী খালে গেছ কমোৱাত সহায় কৰে।













