ষ্টাফ ৰিপ’ৰ্টাৰ
অসম ক্ৰিকেট সংস্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ। বিত্তীয় খেলি-মেলিৰ সংক্ৰান্তীয় অভিযোগত আজি পুৱতি নিশা ডিব্ৰুগড় টিংখাৰ বাসগৃহৰ পৰাৰ গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে। ফটাশিল থানা ৮১৭/২১ নম্বৰ গোচৰত গ্ৰেপ্তাৰ হয় প্ৰাক্তন সম্পাদক বুঢ়াগোহাঁইক। গ্ৰেপ্তাৰ কৰি তেওঁ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ধাৰা ১২০(খ),৪০৬,৪০৯,৪২০,৪৬৯,৩৪ সংলগ্ন কৰিছে।
উল্লেখ্য যে ২০১৬-১৯ বৰ্ষলৈ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী সময়ত সম্পাদক গৰাকীয়ে অসম ক্ৰিকেট সংস্থা বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ আছে। নিৰ্বিদাৰ অবিহনে ৰঙৰ কাম, অনুশীলন ফিল্ডত মাটি পেলোৱা, ছিট নাম্বাৰিং নামত বৃহৎ পৰিমাণৰ ধন হৰলুকী লগতে বৰ্ষাপাৰা খেলপথাৰ আন্তঃগাঁথনি নিৰ্মাণৰ নামত বৃহৎ পৰিমাণৰ পুঁজি আত্মস্যাৎতৰ অভিযোগ আছিল।
উল্লেখ্য বৰ্তমানৰ অসম ক্রিকেট সংস্থাই যামছেদ খানৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিয়ে প্ৰথম পোহৰলৈ আনিছিল কেংলেকাৰী তথ্য।তাৰ ভিত্তিতে এ.চি.এ দাখিল কৰিছিল এজাহৰ।
গুৰুত্বপূৰ্ণ কথা এই যে অভিযোগ অনুসৰি প্ৰাক্তন সম্পাদকজনে পুত্ৰৰ নামত ৪২টা বিমানৰ টিকট ক্ৰিকেট সংস্থা পৰাই লৈছিল।
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বৰ্তমানৰ সম্পাদক দেৱজিৎ লন শইকীয়াই কয়-এইয়া দুখ লগা কথা। এগৰাকী ক্ৰীড়া সংগঠকৰ গ্ৰেপ্তাৰ নিবিচাৰো । কিন্তু ক্ৰীড়া নামত অহাধন কোনো ব্যক্তিয়ে অপব্যয় কৰিব সেইয়াও নিবিচাৰোঁ’।
‘প্ৰাক্তন সম্পাদকগৰাকী তিনি বছৰীয়া কাৰ্যকালত প্ৰায় ৬৫ কোটি টকা কাম হৈছিল। ইয়াৰে ১০কোটি টকা খেলি-মেলি হয়’- লন শইকীয়াই লগতে কয়।
ইফালে বুঢ়াগোহাঁইক গ্ৰেপ্তাৰৰ সন্দৰ্ভত ডিচিপি নৱনীত মহন্তই কয়- উপযুক্ত তথ্য প্ৰমাণ পাইছোঁ। যোৱা ৬ডিচেম্বৰত গোচৰ দাখিল কৰিছিল। বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰি অনা হয় গুৱাহাটীলৈ’।
আনহাতে আজি আদালতত হাজিৰ কৰোৱা সম্ভাৱনা আছে প্ৰাক্তন সম্পাদকগৰাকীক।