![]()
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইৰ ষ্টাৰ কেয়াৰ চেণ্টাৰত সংঘটিত হয় এক অপ্ৰীতিকৰ ঘটনা। ষ্টাৰ কেয়াৰখনৰ স্বত্বাধিকাৰ ডা° সুমিত দাস আৰু চিকিৎসালয়খনত কৰ্মৰত চিকিৎসক ডা° হিমৎ সিং ৰাথোৰ আৰু হিমৎ সিং ৰাথোৰৰ পত্নী ডা° সুস্মিতা ভৌমিকৰ মাজত ৰোগীৰ মাজতেই হয় হাই কাজিয়াৰ । স্বত্বাধিকাৰী ডা° সুমিত দাসৰ অভিযোগ, সতীৰ্থ চিকিৎসক হিমৎ সিং আৰু তেওঁৰ পত্নী সুস্মিতা ভৌমিকে চিকিৎসালয়লৈ অহা ৰোগীক অন্য চিকিৎসালয়লৈ মুনাফা লাভৰ অংকত প্ৰেৰণ কৰে আৰু ৰোগীসমূহক বহু ঔষধ প্ৰেচকাইপ কৰে। তাৰ বাবে অসুন্তষ্ট হৈ পৰে ৰোগীসমূহ, সেয়েহে বহুদিনৰ পৰা ৰাইজৰ আছে দুই পতি-পত্নী চিকিৎসকৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ। অভিযোগ থকা বাবে চিকিৎসালয়খনৰ স্বতাধিকাৰী তথা ডা° সুমিত দাসে চিকিৎসালয়খনৰ পৰা উলিয়াই দিয়ে দুই ডা° পতি-পত্নী চিকিৎসকক। চিকিৎসালয়খনৰ পৰা ওলিয়াই দিয়াক লৈ আজি হিমৎ সিংয়ে খংৰ ভমকত চিকিৎসালয়খনত উপস্হিত হৈ চিকিৎসালয়ৰ বয়বস্তু লণ্ডভণ্ড কৰে।
আনহাতে আকৌ বিপৰীত পক্ষ ডা° হিমৎ সিং আৰু তেওঁৰ পত্নীয়ে ডা° সুস্মীতা ভৌমিকে সকলো অভিযোগ নস্যাৎ কৰে। বিপৰীতে হিমৎ সিং ৰাথোৰে অভিযোগ আনে যে, ডা° সুমিত দাসে ৰোগীক চিকিৎসালয়খনত ৰাখি বহু পৰিমাণৰ ধন লয়। আৰু সকলো দোষ হিমৎ সিং ৰাথোৰ আৰু সুস্মিতা ভৌমিকক ওপৰত দিয়ে। সেইহে বহুদিনৰ আগতেই এৰিব বিচাৰিছিল চিকিৎসালয়খন। সুস্মীতা ভৌমিকৰ অভিযোগ, চিকিৎসালয়খনত সুস্মীতা ভৌমিকৰ চেম্বাৰত চিকিৎসালয়খনৰ কৰ্তৃপক্ষ সোমাই কৰিছে লণ্ডভণ্ড। সুস্মীতা ভৌমিকে কয় যে, ৰোগীৰ সুবিধা আৰু আৰ্থিকতা চায় কম পইচাত ৰোগী সুস্হ হোৱা আমাৰ দায়িত্ব সেইহে আমি এইয়া কৰিছো তাত সুমিত দাসে হস্তক্ষেপ কৰিব নোৱাৰে। বৰ্তমান কোন সঁচা কোন মিচা সেইয়া পৰবৰ্তী সময়তহে লক্ষ্যণীয় হ’ব।












