![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰৰ শিশুৰ আধাৰ নম্বৰ সংযোগ হ’ব সমাজ কল্যাণ বিভাগৰ সৈতে৷ সমাজ কল্যাণ বিভাগত দুৰ্নীতি নিৰ্মূলৰ বাবেই এই বিশেষ পৰিকল্পনা বিভাগটোৰ৷ ইয়াৰ বাবে থাকিব বিশেষ এপ৷ সমাজ কল্যাণ বিভাগৰ এই বিশেষ এপত সংযোজিত হ’ব প্ৰতিগৰাকী অংগনৱাড়ী শিশুৰ নিৰ্দিষ্ট আধাৰ নম্বৰ ৷
ভুৱা শিক্ষাৰ্থী নোহোৱা কৰাৰ বাবেই সমাজ কল্যাণ বিভাগৰ এই পদক্ষেপ, যাতে বিভাগটোৱে যোগান ধৰা সামগ্ৰী নিৰ্দিষ্ট শিক্ষাৰ্থীৰ হাততহে পৰে৷ এই কাৰ্যসূচী শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷













