![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাত জীৱন্তে অগ্নিদগ্ধ হৈ এগৰাকী ১০ মহীয়া কন্যা সন্তানৰ কৰুণ মৃত্যু। লংকাৰ কাকী বনাঞ্চলৰ বৰমাংচু পানীগাঁৱত সংঘটিত এই কৰুণ ঘটনাটো। বৰমাংচুৰ হাচেনউদ্দিন নামৰ লোকজনৰ কনিষ্ঠা কন্যা আছিল মৃত তাচমিনা খাতুন। লোকজনৰ আন দুটা সন্তানৰ কথমপি প্ৰাণৰক্ষা পৰাৰ বিপৰীতে কণমানি কন্যাগৰাকী জীৱন্তে অগ্নিদগ্ধ হয়। দেওবাৰে সন্ধিয়া সংঘটিত অগ্নিকাণ্ডত বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
লোকজনৰ চাৰিটা সন্তানৰ তিনিটা সন্তান ঘৰত থকাৰ বিপৰীতে এগৰাকী কন্যা সন্তান আত্মীয়ৰ ঘৰত আছিল। নিশা ভাত বনাই থকা অৱস্থাত চৌকাৰ পৰা জুই লগাৰ সন্দেহ। পিতৃ হাচেন উদ্দিন কৰ্মসূত্ৰে কেৰেলাত থকে । চৌকাত জুই লগাই কাষৰীয়া এঘৰ লোকৰ ঘৰলৈ খাদ্যবস্তু আনিবলৈ যোৱাৰ সময়তে সংঘটিত হয় হৃদয়বিদাৰক ঘটনাটো। ওচৰ-চুবুৰীয়া লোকে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰাৰ লগতে কণমানি কন্যাগৰাকীক বচাবলৈ বহু চেষ্টা কৰে যদিও জুইৰ পৰা বচাবলৈ সক্ষম নহ’ল।












