![]()
বিশেষ প্ৰতিনিধিঃ
নগাঁও : নগাঁৱত এগৰাকী আশীৰ উৰ্দ্ধৰ বৃদ্ধাই হেলমেট পৰিধান কৰি যান বাহন আইনলৈ সঁহাৰি জনোৱা কাৰ্যই বহুতৰে দৃষ্টি আকৰ্ষণ কৰে৷ দুচকীয়া বাহন চালকৰ লগতে আৰোহীয়ে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰাৰ পিছত নগাঁও চহৰত এই গৰাকী আইতাক দেখা গ’ল হেলমেট পৰিধান কৰা ৷ হেলমেট পিন্ধি আইতাই পুত্ৰৰ স্কুটাৰৰ আৰোহীৰ আসনত বহি নগাঁও চহৰ পৰিভ্ৰমণ কৰে৷ ৮০ বছৰীয়া দীঘলীয়া জীৱনকালত প্ৰথমবাৰৰ বাবে আইতাই এনেদৰে হেলমেট পিন্ধি পুত্ৰৰ স্কুটাৰত ভ্ৰমণ কৰে৷ নগাঁও চহৰৰ সমীপৰ গধৰীয়া কৰৈয়নীৰ পৰা বৃদ্ধাগৰাকীয়ে হেলমেট পৰিধান কৰি নগাঁও চহৰৰ ফৌজদাৰিপট্টিস্থিত বিয়া দিয়া জীয়ৰীৰ ঘৰলৈ আহে ৷ পুত্ৰই ৮০ বছৰীয়া নিজ মাতৃক হেলমেট পিন্ধাই জীয়েকৰ ঘৰলৈ লৈ আহে৷
ইপিনে হেলমেট পৰিধান নকৰাকৈ মাতৃয়ে স্কুটাৰত নুঠে বুলি পুত্ৰ মুকুট বৰাই জানিবলৈ দিয়ে। সেয়ে হেলমেট এটা কিনি দিয়াৰ পিছতহে মাকক জীয়েকৰ ঘৰলৈ আনিবলৈ সক্ষম হয় ৷ যি সময়ত হেলমেট বিহীন দুচকীয়া বাহনৰ চালক, আৰোহীৰ ক্ষেত্ৰত নগাঁও আৰক্ষী কঠোৰ হৈছে সেই সময়ত এগৰাকী ৮০ বছৰীয়া বৃদ্ধাই হেলমেট পিন্ধি দুচকীয়া বাহনৰ আৰোহী হোৱাটো বহুতৰে বাবে এক নিদৰ্শন হৈ পৰে ৷
উল্লেখ্য যে মটৰ চাইকেল, স্কুটাৰ আদিত হেলমেট নোহোৱাকৈ ভ্ৰমণ কৰাৰ বাবে যোৱা শনিবাৰে নগাঁৱত ১০ লাখ ১৯ হাজাৰ টকা জৰিমনা ভৰিছে বুজন সংখ্যক লোকে ৷ মাথো এটা দিনত জৰিমনা হিচাপে নগাঁও আৰক্ষীয়ে এই বৃহৎ সংখ্যক ধন সংগ্ৰহ কৰে ৷ একেদৰে নগাঁও আৰক্ষীয়ে জৰিমনাৰ বাবদ ১ ডিচেম্বৰত ১১ লাখ ১৭ হাজাৰ টকা সংগ্ৰহ কৰিছিল ৷
ইপিনে ১ মে’ৰ পৰা ৩১ মে’ লৈকে ৩৮ লাখ ২০ হাজাৰ ৫০০ টকা যান বাহন আইন ভংগ কৰা লোকৰ পৰা আৰক্ষীয়ে জৰিমনা হিচাপে সংগ্ৰহ কৰিছিল।













