![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁও জিলাৰ জুৰীয়াৰ অতি ভিতৰুৱা অঞ্চলৰ এগৰাকী কন্যাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ‘ইছৰো’ত বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰাৰ খবৰে নগাঁও জিলাবাসীক উৎসাহিত কৰি তুলিছে।
জুৰীয়াৰ সমীপৰ মাহেৰীপাৰ নিবাসী আবুল কালাম আজাদ আৰু মঞ্জিলা বেগমৰ কন্যা তথা বৰ্তমান বঙাইগাঁও জিলাৰ অভয়াপুৰী অঞ্চলৰ বোৱাৰী নাজনিন ইয়াচমিনে অন্ধ্ৰপ্ৰদেশৰ স্বাৰ শ্ৰীহৰিকোঠাস্থ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয়ত বিজ্ঞানী হিচাপে নিযুক্তি পত্ৰ লাভ কৰিছে।
উল্লেখ্য যে, সৰুৰে পৰা অধ্যয়নৰ প্ৰতি আগ্ৰহ আৰু একাগ্ৰতা থকা নাজনিন ইয়াচমিনে জুৰীয়া নুৰুদ্দিন ফুৰকানীয়া জে বি স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰি স্থানীয় কদমনি টাউন হাইস্কুলৰ পৰা ২০০৭ চনত মেট্ৰিকত সফলতাৰে উত্তীৰ্ণ হৈ নগাঁও চহৰৰ অগ্ৰণী ব্যক্তিগত শিক্ষানুষ্ঠান আলফা বিটা চাইন্স জুনিয়ৰ কলেজৰ পৰা ২০০৯ চনত বিজ্ঞান শাখাত কেবাটাও বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। পিছত গুৱাহাটীৰ নিটজ মিৰ্জা কলেজৰ পৰা ২০১৩ চনত ইলেকট্ৰনিক বিষয়ত বিটেক আৰু ২০১৬ চনত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত এমটেক ডিগ্ৰী লাভ কৰে।
বিজ্ঞান বিষয়ত বিভিন্ন ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰাৰ সমান্তৰাল ভাবে তেওঁ ২০১৮ চনতে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অধীনত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ লগতে ভাৰত চৰকাৰৰ জুনিয়ৰ ৰিৰ্চাচ ফেলশ্বিপৰ যোগ্যতাও লাভ কৰে ।
ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত বৰ্ষত অনুষ্ঠিত কঠিন বাচনি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত অলপতে ঘোষিত ফলাফলত নাজনিন ইয়াচমিনে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বিজ্ঞানী হিচাপে এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় ।
ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ নিৰ্দেশ অনুসৰি অহা ৩০ ডিচেম্বৰৰ পূৰ্বে ‘ইছৰো’ৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান লাভ কৰিব বুলি জানিবলৈ দি ইয়াচমিনে আজি সংবাদ মাধ্যমৰ আগত নিজৰ সফলতাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ধৈৰ্য আৰু একাগ্ৰতা থাকিলে সকলো ক্ষেত্ৰতে সফলতাৰ উচ্চ শিখৰত উঠিব পাৰি।
সফলতা লাভৰ ক্ষেত্ৰত কোনো প্ৰত্যাহ্বান হেঙাৰ হ’ব নোৱাৰে। সৰুৰে পৰা এগৰাকী বিজ্ঞানী হোৱাৰ আশা পুহি ৰখা ইয়াচমিনে ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কল্পনা চাওলাৰ সফলতাই বহু অনুপ্ৰেৰণা যোগাইছিল বুলি মন্তব্য কৰে।
তেওঁ নৱ প্ৰজন্মক নিজকে দুৰ্বল বুলি নাভাৱি অধ্যৱসায়ৰ জৰিয়তে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানত স্থান লাভৰ নিজকে প্ৰস্তুত কৰি তুলিবলৈ আহ্বান জনায়। আনহাতে অসমখনক বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগুৱাই নিবলৈ নিজৰ কৰ্ম ক্ষেত্ৰৰ জৰিয়তে কিছু কাম কৰাৰ তেওঁ আগ্ৰহ প্ৰকাশ কৰে।
ভৱিষ্যতে আমেৰিকাৰ মহাকাশ প্ৰতিষ্ঠান নাছাত কাম কৰাৰ হেঁপাহৰ কথা তেওঁ জনায়। সফলতাৰ আঁৰত তেওঁৰ পিতৃ-মাতৃ, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ৰাজস্থানত কৰ্মৰত অভিযন্তা স্বামী সাহিদুল ইছলামক কৃতজ্ঞতা দিব বিচাৰে। বৰ্তমান নগাঁও চহৰৰ ভাৰাঘৰত থকা নাজনিন ইয়াচমিনৰ লগতে পৰিয়াল বৰ্গক বিভিন্ন দল-সংগঠনে সাক্ষাৎ কৰি আদৰণি জনায় ।













