ASSAM TIMES POST
গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমতো পেট্ৰ’পণ্যৰ মূল্যবৃদ্ধিকে প্ৰমুখ্য কৰি পিঁয়াজৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব কৃষক মুক্তি সংগ্রাম সমিতিয়ে। বৃহস্পতিবাৰে কৃষক মুক্তিৰ গুৱাহাটীস্থিত সদৰত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে সংগঠনটোৰ উপদেষ্টা অখিল গগৈয়ে।

সংবাদমেলত তেওঁ জনোৱা অনুসৰি প্ৰতিখন জিলাৰ সদৰত ইয়াকে লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ইফালে বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নাগৰিকত্ব (সংশোধনী) বিধেয়ক বিৰোধী দল-সংগঠনসমূহক সমালোচনা কৰাৰ প্ৰসংগত তেওঁ কয় যে চৰকাৰে ‘কেব’ বিৰোধী শক্তিসমূহৰ মাজত বিভাজন আনিব খুজিছে। কিন্তু কৃষক মুক্তি কেতিয়াও ‘কেব’ বিৰোধী স্থিতিৰপৰা আঁতৰ নহয়।













