![]()
বিশেষ প্ৰতিনিধিঃ
বকোত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। পুত্ৰ কৰন ৰাভাই মূৰত দাৰে ঘপিয়াই হত্যা কৰিলে পিতৃ বিয়েন ৰাভাক। মদৰ ৰাগীত বিয়েন ৰাভাই কৰন আৰু ভাতৃ ৰাজুক মাৰিবলৈ চেষ্টা কৰে। ফলত উপায়বিহীন পুত্ৰই দাৰে ঘপিয়াই মাৰে পিতৃক আৰু থিতাতে মৃত্যু হয়।
ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ কৰন ৰাভাক আটক কৰাৰ লগতে বিয়েন ৰাভাৰ মৃতদেহ থানালৈ লৈ আহে। স্থানীয় ৰাইজৰ মতে, বিয়েন ৰাভাই মদৰ ৰাগীত পাৰিবাৰিক কন্দলত লিপ্ত হয়।












