![]()
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক
হোজাইৰ ডবকাত নিশা আৰক্ষীৰ অভিযানত জব্দ হয় প্ৰায় ডেৰ কোটি টকাৰ হিৰইন৷ লগতে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ গ্ৰেপ্তাৰ সৰবৰাহকাৰীদ্বয় ক্ৰমে ইমৰান আৰু মুকেশ৷ দুয়োৰে ঘৰ বিহাৰত৷
৬১টা চাবোনৰ বাকচত আনিছিল সন্দেজনক হিৰইনখিনি ৷ AS-10 E 4078 নম্বৰৰ বেলনো গাড়ীত মণিপুৰৰ ইম্ফলৰ পৰা অনা হৈছিল ড্ৰাগছখিনি ৷ ড্ৰাগছ সৰবৰাহকাৰীসকলে বাহনখনৰ দৰ্জাৰ তলত ৰানিং বোডত ড্ৰাগছখিনি সোমাই ৰাখিছিল৷ যাৰ বাবে প্ৰায় আধাঘন্টাৰ অন্ততহে আৰক্ষীয়ে বিচাৰি পায় ড্ৰাগছখিনি৷
ড্ৰাগছ সৰবৰাহকাৰী দুয়োকে ডবকা থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷












