![]()
বিশেষ প্ৰতিনিধিঃ
নগাঁও : নগাঁও জিলাৰ অন্যতম অগ্রণী উচ্চ শিক্ষা প্ৰতিষ্ঠান ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট গৱেষক ডঃ বিমান হাজৰিকালৈ ২০২২ বৰ্ষৰ অধ্যাপক ভৱানন্দ দত্ত বঁটা অগবঢ়োৱা হৈছে । গৱেষণা মূলক কেইবাখনো গ্ৰন্থৰ প্ৰণেতা আৰু সংকলক ডঃ বিমান হাজৰিকাৰ গৱেষণা ধৰ্মী বিদ্যায়তনিক কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে উক্ত বঁটা আগবঢ়োৱা হৈছে বুলি জানিব পৰা গৈছে ।
যোৰহাটৰ নিকটবৰ্তী অগ্ৰনী উচ্চ শিক্ষা প্ৰতিষ্ঠান চিনামৰা মহাবিদ্যালয়ৰ অন্তৰ্গত মোহন চন্দ্ৰ মহন্ত গৱেষণা ন্যাসে ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড: হাজৰিকাক এই বঁটাৰ বাবে বাচনি কৰে বুলি ধিং মহাবিদ্যালয়ৰ আভ্যন্তৰীন মান নিৰূপণ কোষৰ সমন্বয়ক ডঃ মনোজ শইকীয়াই আজি মহাবিদ্যালয়খনত অনুষ্ঠিত এক বিশেষ সভাত জানিবলৈ দিয়ে ।
উল্লেখ্য যে আগন্তুক নৱবৰ্ষৰ ১৭ জানুৱাৰীত চিনামৰা মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগা এক বিশেষ অনুষ্ঠানত ধিং অঞ্চলৰ শিক্ষাবিদগৰাকীক উক্ত বঁটা প্ৰদান কৰা হ’ব। চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অঞ্জন শইকীয়াই প্ৰেৰণ কৰা এখন পত্ৰৰ উদ্ধৃতিৰে অধ্যক্ষ ড: বিমান হাজৰিকাই এই কথা জানিবলৈ দিয়ে।
আনহাতে অধ্যাপক ভৱানন্দ দত্ত বঁটাৰ বাবে নিৰ্বাচিত কৰাত সন্ত্তষ্টি প্ৰকাশ কৰি অধ্যক্ষ ডঃ বিমান হাজৰিকাই এই বিশেষ সন্মান কেৱল তেওঁৰ নিজৰ প্ৰাপ্তি নহয় বুলি মত প্ৰকাশ কৰি লগতে কয় যে, এই সন্মান সমগ্ৰ ধিঙৰ বৌদ্ধিক মহল আৰু ধিং মহাবিদ্যালয় পৰিয়াল তথা শিক্ষাব্ৰতী মহললৈ জনোৱা বিৰল স্বীকৃতি।
ইপিনে আজি ধিং মহাবিদ্যালয়ত অনুষ্ঠিত এক বিশেষ আদৰনি সভাত অধ্যক্ষ ডঃ হাজৰিকাক মহাবিদ্যালয়ৰ পৰিয়ালৰ সদস্যসকলৰ তৰফৰ পৰা এই কৃতিত্বৰ বাবে আদৰনি জনোৱা হয়। উক্ত সভাত মহাবিদ্যালয়খনৰ ৰাজনীতি বিভাগৰ অধ্যাপক ৰঞ্জিত বৰদলৈয়ে প্ৰনয়ণ কৰা স্নাতক মহলাৰ চি বি চি এছ পদ্ধতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ ৰচনা কৰা Understanding Political 𝐭𝐡𝐞𝐨𝐫𝐲 নামৰ গ্ৰন্থখন উন্মোচন কৰে অধ্যক্ষ ডঃ বিমান হাজৰিকাই । গ্ৰন্হখন উন্মোচন কৰি দিয়া ভাষণত অধ্যক্ষ ড: হাজৰিকাই এনেধৰণৰ বৌদ্ধিক চিন্তা-চৰ্চাই এখন মহাবিদ্যালয়ৰ প্ৰকৃত আত্মিক আৰু বৌদ্ধিক উত্তৰণৰ পৰিচয় দাঙি ধৰে বুলি মন্তব্য আগবঢ়ায়। সভাত গ্ৰন্থকাৰ ৰঞ্জিত বৰদলৈ, উপাধ্যক্ষ সুজিৎ কুমাৰ শৰ্মা, জেষ্ঠ অধ্যাপক আব্দুল কাদিৰ, কৱি অধ্যাপক বিমান কুমাৰ দলে, চিত্ৰশিল্পী মৃদুমৌচম বৰাৰ উপৰিও বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । সভাত শলাগৰ শৰাই আগবঢ়াই বিমান কুমাৰ দলেই।













