ASSAM TIMES POST
গুৱাহাটীঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছ ৰ সৰ-সংঘচালক মোহন ভাগৱত তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অসমলৈ আহিব।
উল্লেখযোগ্য যে আগন্তুক ২৭, ২৮ আৰু ২৯ ছেপ্টেম্বৰত শিলচৰৰ ৰামনগৰস্থিত “শিলচৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়”ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৈঠকত সৰ-সংঘচালক গৰাকীয়ে অংশ গ্ৰহণ কৰিব।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ কার্যবাহ ডঃ উমেশ চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়ে যে সৰ-সংঘচালক গৰাকীয়ে বিভিন্ন বিষয়ৰ ওপৰত কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰাৰ ওপৰিও তেখেতে অসম ক্ষেত্ৰৰ প্ৰচাৰক, বিবিধ কাৰ্যকাৰণীৰ লগতে স্বয়ংসেৱকসকলৰ সন্মুখত বৌদ্ধিক প্ৰদান কৰিব । আনহাতে উক্ত তিনিদিনত সৰ-সংঘচালক গৰাকীয়ে অসম ক্ষেত্ৰৰ সাংগঠনিক দিশ সমূহৰ ওপৰতো আলোকপাত কৰিব বুলিও জানিবলৈ দিয়ে ।













