![]()
মনোজ কুমাৰ পাঠক:
লংকা:পবিত্ৰ বৰ দিনৰ দিনাই ডবকাত চাঞ্চল্যকৰ ঘটনা সংঘটিত। হোজাই শংকৰদেৱ নগৰৰ চেম্বাৰ অৱ কমাৰ্চৰ সভাপতিক হত্যাৰ অপচেষ্টা৷ লোকজনক উপৰ জুপুৰি ডেগাৰেৰে আক্ৰমণ এগৰাকী মহিলাৰ। মহিলাৰ আক্ৰমণত গুৰুতৰভাৱে আহত কৰিছে সভাপতিগৰাকী। সভাপতিগৰাকীৰ নাম শ্বৰিফ উদ্দিন৷
ডবকা নগৰত থকা নিজ বাসগৃহত পুৱাৰ ভাগত ৰ’দত বহি থকা অৱস্থাত পিছপিনৰ পৰা ডেগাৰেৰে উপৰ্জুপৰি আক্ৰমন কৰে ফকৰুন নেচা নামৰ এগৰাকী মহিলাই ৷ডেগাৰেৰে কোবাই বখলা বখল কৰিছে সমস্ত শৰীৰ৷ হত্যা কৰিবলৈ ডিঙিত কোব মাৰিছিল যদিও সৌভাগ্য বশতঃ ডিঙিত নপৰি হাত আৰু পিঠিত পৰে ডেগাৰৰ কোব৷ স্থানীয় লোকে সংকট জনক অৱস্থাত উদ্বাৰ কৰি ডবকা হস্পিটালত ভৰ্তি কৰিছে শ্বৰিফ উদ্দিনক৷
শ্বৰিফ উদ্দিন প্ৰাক্তন সাংবাদিক আছিল৷ বৰ্তমান শংকৰদেৱ নগৰ আদালতত চৌহদত টাইপিষ্ট হিচাপে কৰ্মৰত। পৰিয়ালকেন্দ্ৰিক সংঘতাৰ বাবেই এই ভয়কৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ঘটনা সংক্ৰান্তত ডবকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷












