ষ্টাফ ৰিপ’ৰ্টাৰ
বহু প্ৰত্যাশিত অসম গ্ৰন্থমেলালৈ মাজত এটা দিন।গ্ৰন্থ সুৱাসেৰে শুভাষিত হ’ব গুৱাহাটী চানমাৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰ। অহা ২৯ডিচেম্বৰ পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব লগা গ্ৰন্থমেলা প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে।বিভিন্ন গ্ৰন্থ বিপনী নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে।
উল্লেখ্য অসম গ্ৰন্থমেলাত ১১৫টা প্ৰতিষ্ঠানৰ যোগদান প্ৰায় নিশ্চিত হৈছে। দিল্লী ১০টা, কলিকতা ৫টা, ঢাকা ১০টা প্ৰকাশনে গ্ৰন্থমেলাত অংশগ্ৰহণ কৰাৰ বিপৰীতে ৯০টা ৰাজ্য প্ৰতিষ্ঠানে অংশগ্ৰহণ ল’ব। এই কথা জানিবলৈ দিছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।
প্ৰকাশন পৰিষদে ১৬খন নতুন আৰু পুনঃ মুদ্ৰিত ২৪ খন গ্ৰন্থ অসম গ্ৰন্থমেলালৈ সাজু কৰা বুলি সচিব কলিতাই কয়।
গুৰুত্বপূৰ্ণ কথা প্ৰকাশন পৰিষদ আৰু অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই প্ৰথমবাৰ যুটীয়াভাৱে অসম গ্ৰন্থমেলা আয়োজন কৰিছে।
ছাত্ৰ-ছাত্ৰী বাবে গ্ৰন্থমেলাত প্ৰৱেশ বিনামূলীয়া বিপৰীতে অন্য সকলৰ বাবে টিকটৰ ব্যৱস্থা কৰিছে। সচিব কলিতাই জানিবলৈ দিয়া অনুসৰি যোৱা বৰ্ষ অভিলেষ সৃষ্টিৰে ১.৯২ কোটি টকা গ্ৰন্থ বিক্ৰী হৈছিল। ঠিক এইবাৰো গ্ৰন্থ বিক্ৰী অভিলেষ সৃষ্টি কৰিব অসম গ্ৰন্থমেলাই তাৰ বাবে পৰিষদ আশাবাদী বুলি তেওঁ কয়।