![]()
নিউজ ডেস্কঃ
দেশত ওমিক্রন সংক্ৰমণ বৃদ্ধি হোৱাৰ কথা জনাই ৰাজ্যবোৰলৈ পত্ৰ প্ৰেৰণ কেন্দ্রৰ। তাত স্পষ্ট কৰি কোৱা হৈছে, ওমিক্রন নিয়ন্ত্রণত যেন সকলো ফালৰ পৰা প্রস্তুত থাকে ৰাজ্যবোৰ। ঔষধৰ পৰা আৰম্ভ কৰি অক্সিজেন সৰবৰাহ— ক’তো যেন কোনো অভাৱ নাথাকে। কোভিড বিধি পালনত যেন কোনো শিথিলতাক প্রশ্রয় দিয়া নহয়। আনকি ওমিক্রন সন্দৰ্ভত যাতে কোনো ধৰণৰ ভুল তথ্য বিয়পি নাযায়, সেই ক্ষেত্ৰতো ৰাজ্যবোৰক সতর্ক কৰিছে কেন্দ্রই। পত্ৰখনত জনাইছে যে প্ৰয়োজনত নিয়মিতভাবে সংবাদ মাধ্যমক ওমিক্রন আক্রান্তৰ সংখ্যা আৰু অন্যান্য তথ্য বিশদভাৱে জনাব লাগিব। ওমিক্রনক কেনেদৰে ৰোধ কৰিব পৰা যায়, সেই ক্ষেত্ৰতো সচেতন কৰিব লাগিব ৰাজ্যবাসীক।
সোমবাৰে কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাই এই সন্দৰ্ভত পত্ৰ দিছে ৰাজ্যসূহৰ মুখ্য সচিবসকলক। দুই পৃষ্ঠাৰ পত্ৰখনত ৯টা পৃথক পৃথক নির্দেশ দিয়া হৈছে ৰাজ্যবোৰক। উক্ত নির্দেশত গুৰুত্ব দিয়া হৈছে মূলত দুটা বিষয়ত— ‘সাৱধানতা’ আৰু ‘সতর্কতা’।
পত্ৰখনত উল্লেখ কৰা হৈছে যে দেশত সোমবাৰ পর্যন্ত ওমিক্রন আক্রান্তৰ সংখ্যা ৫৭৮। দেশৰ ১৯খন ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলত ওমিক্রন আক্রান্তৰ সন্ধান পোৱা গৈছে। বিশ্বজুৰি ১১৬খন দেশত ওমিক্রন আক্রান্তৰ সংখ্যা ক্রমশ বাঢ়িছে। এই পৰিস্থিতিত ৰাজ্যবোৰ সতর্ক হ’ব লাগিব। খেয়াল ৰাখিব লাগিব, ৰাস্তা-ঘাটত যেন শাৰীৰি দূৰত্ব বৰ্তি থাকে। ইয়াৰ উপৰি সমাবেশ ৰুধিবলৈ প্রশাসনক উপযুক্ত ব্যৱস্থা লোৱাৰো নির্দেশ দিয়া হৈছে। মাস্ক পিন্ধিবলৈ যাতে ৰাজ্যবাসীয়ে কোনো ধৰণৰ অৱহেলা নকৰে, সেই ক্ষেত্ৰতো প্রশাসনক সতর্ক হ’বলৈ কৈছে কেন্দ্রই।
এই ক্ষেত্ৰত প্রশাসনক মূলত পাঁচটা সতর্কতা মানি চলিবলৈ কৈছে কেন্দ্রই। এই পাঁচ সতর্কতা হ’ল— পৰীক্ষা, নজৰদাৰি, চিকিৎসা, টীকাকৰণ আৰু কৰোনা বিধি পালন। এই পাঁচটা ক্ষেত্রত যাতে কোনো শিথিলতা নাথাকে সেয়া নিশ্চিত কৰিবলৈ কোৱা হৈছে প্রশাসনক। লগতে প্রয়োজনত ভিৰ ৰুধিবলৈ ৰাজ্যত লকডাউনৰ দৰে বিধি বলৱৎ কৰিবলৈও কৈছে কেন্দ্রীয় গৃহ সচিবে। স্পষ্টকৈ কোৱা হৈছে, ৰাজ্যবোৰে যেন সকলো ধৰণৰ পৰিস্থিতিৰ বাবে নিজকে প্রস্তুত ৰাখে। অক্সিজেনৰ সৰবৰাহ বা ঔষধৰ সৰবৰাহত যেন কোনো ঘাটি নাথাকে।













