![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
টেট পৰীক্ষাৰ্থী উত্তাল প্ৰতিবাদত স্তব্ধ গুৱাহাটীৰ বামুনিমৈদামস্থিত ছেৱা কাৰ্যালয়। সহস্ৰাধিক টেট পৰীক্ষাৰ্থীয়ে সাব্যস্ত কৰে বৃহৎ প্ৰতিবাদ। কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰ সন্মুখৰ ৰাজপথত অৱস্থান কৰি শিক্ষামন্ত্ৰী হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, অসম চৰকাৰ মূর্দাবাদ আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।
উল্লেখ্য শেহতীয়াকৈ ঘোষণা হোৱা সাধাৰণ টেট পৰীক্ষাৰ ফলাফলত বিসংগতি থকা গুৰুত্ব অভিযোগত সাব্যস্ত কৰে প্ৰতিবাদ। নিম্ন প্ৰাথমিক টেট পৰীক্ষা ফলাফল পুনৰীক্ষণ কৰা দাবীত তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
গুৰুত্বপূৰ্ণ কথা প্ৰতিবাদকাৰী টেট পৰীক্ষাৰ্থীসকলৰ অভিযোগ টেট পৰীক্ষা অ’এমআৰ ছিট বিসংগতি আছে। প্ৰশ্ন কাকত বহুকেইটা ভুল প্ৰশ্ন আহিছিল।তেনেকৈ কিদৰে ঘোষণা কৰিলে পৰীক্ষা ফলাফল।বিসংগতি অভিযোগ কোনো তদন্ত নকৰাকৈ ফলাফল ঘোষণা কৰাৰ অভিযোগ তেওঁলোকৰ।
প্ৰতিবাদৰ অন্তত তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ ছেৱা কৰ্তৃপক্ষক প্ৰদান কৰে। সমগ্ৰ বিষয়তো পুনৰীক্ষণৰ দাবী জনায়।













