![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসমীয়া উপন্যাসৰ ইতিহাসত বিক্ৰী ক্ষেত্ৰত অভিলেখ ৰচনা কৰা জনপ্ৰিয় উপন্যাস ‘লাইফ অৱ এ ড্ৰাইভাৰ’ৰ স্ৰষ্টা ৰূপম দত্তৰ দ্বিতীয়খন গ্ৰন্থ উন্মোচন। ‘সপোনৰ শেষত’ শীর্ষক গ্ৰন্থখন মঙলবাৰে উন্মোচন কৰা হয় গুৱাহাটী লখৰাস্থিত হেল্পিং হেণ্ড অ’ল্ড এজ হ’মত। অসমীয়া ভাষা আৰু ছফ’টৱেৰ বিকাশ কেন্দ্ৰই প্ৰকাশ কৰা গ্ৰন্থখন উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ প্ৰমুখ্যে বহুকেইজন গণ্য-মান্য ব্যক্তি।
উল্লেখ্য যে, গ্ৰন্থখন উন্মোচনী সভাখনত বৃদ্ধা আৱাসৰ বহু সংখ্যক আৱাসী উপস্থিত থাকে।
গুৰুত্বপূৰ্ণ কথা দত্তই প্ৰথমখন গ্ৰন্থ যোৱা বৰ্ষ পাঠকৰ মাজলৈ মুকলি কৰিছিল। মুকলি পাছতে অভিলেখ সংখ্যক বিক্ৰীৰে উপন্যাসখনে পাঠক সমাজৰ মাজত ব্যাপক সমাদৰ লাভ কৰিছিল।
নাইট চুপাৰ চালক লেখক দত্তই বাস্তৱ অভিজ্ঞতাক সামৰি প্ৰকাশ কৰিছিল প্ৰথমখন গ্ৰন্থ।
ইফালে দ্বিতীয়খন গ্ৰন্থ উন্মোচন কৰি লেখক দত্তই কয়-‘লাইফ অৱ এ ড্ৰাইভাৰ’ ৰচনা পাছত পৰিৱেশ আৰু মানুহৰ মন সলনি হৈছে। আমাক যাত্ৰীসকলে ভাল ব্যৱহাৰ আৰু বিশ্বাস কৰিবলৈ লৈছে।
প্ৰথমখনৰ দৰে দ্বিতীয়খন গ্ৰন্থও পাঠক সমাজে আদৰি ল’ব বুলি প্ৰবল আশাবাদী দত্ত।
আনহাতে, গ্ৰন্থখন উন্মোচন কৰি সাংবাদিক প্ৰণয় বৰদলৈয়ে দত্তক ধন্যবাদ আৰু শুভেচ্ছা জনাই।













