ষ্টাফ ৰিপ’ৰ্টাৰ
মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত লেখিকা অনিমা ঠাকুৰীয়া ‘প্ৰবন্ধ কুঞ্জ’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। আড়ম্বনপূৰ্ণ অনুষ্ঠানত প্ৰৱন্ধ সংকলনখন আনুষ্ঠানিক উন্মোচন কৰে আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন ঘোষক তথা বিশিষ্ট আবৃত্তিকাৰ অৱনী বৰাই। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে শিল্পী জে পি দাস, মনিশা হাজৰিকা প্ৰমুখ্যে ভালে সংখ্যক গণ্যমান্য ব্যক্তি।
উল্লেখ্য যে, গ্ৰন্থখন উন্মোচন কৰি বৰাই লেখিকাক শুভেচ্ছা জনাই। অসমীয়া জাতিলৈ গ্ৰন্থৰ জৰিয়তে লেখিকাৰ অৱদান সদায় থাকিব বুলি তেওঁ লগতে কয়।
ইফালে, অনুষ্ঠানত উপস্থিত থাকি শিল্পী জেপি দাস আৰু মনিশা হাজৰিকাইয়ো লেখিকা ঠাকুৰীয়াক শুভেচ্ছা জনাই আৰু নতুন নতুন গ্ৰন্থ সৃষ্টি কৰি যোৱাৰ আহ্বান জনায়।