![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
“অমিক্ৰ’ণক ৰোধিবলৈ সাজু ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগ। ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি অসম চৰকাৰে অমিক্ৰ’ণৰ বাধ্য-বাধকতা প্ৰয়োজনত জাৰি কৰিব। আজি সাংবাদিকৰ এক প্ৰশ্ন উত্তৰত এইদৰে কয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
ভাৰত চৰকাৰৰ সৈতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বৈঠকৰ অন্তত নির্দেশনাসমূহ আলোচনা মাধ্যমেৰে জাৰি কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। মঙলবাৰে দিনৰ ১১ বজা পৰা ১ বজালৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে ভিডি’অ কনফাৰেন্সৰ জৰিয়তে অসমৰ স্বাস্থ্য বিভাগ মিলিত হয়।
আন্তঃৰাষ্ট্ৰীয় যাত্ৰী ক’ভিড পজিটিভ অসমত ধৰা পৰিছে কিন্তু অমিক্ৰণ ধৰা পৰা নাই। পজিটিভ তিনি-চাৰিজনক নিৰীক্ষণত ৰখা বুলিও তেওঁ কয়।
আনহাতে, ৩১ ডিচেম্বৰত ক’ভিড নিৰ্দেশনা শিথিলতা থাকিব। সান্ধ্য আইন প্ৰযোজ্য নহ’ব উক্ত দিনা।
ইফালে, নীতি আয়োগে ৰাজ্য স্বাস্থ্য খণ্ডক ১২সংখ্যক স্থান দিয়াত মন্ত্ৰী মহন্তই কয়- আগত কৈ ভাল হৈছে অসমৰ স্বাস্থ্যখণ্ড।
উল্লেখ্য মঙলবাৰে নেডফিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰা পাছত সংবাদ মাধ্যমক এই কথা জনাই মন্ত্ৰী মহন্তই।













