![]()
নিউজ ডেস্কঃ
সম্প্রতি কেন্দ্রীয় খাদ্য আৰু যোগান মন্ত্রণালয়ে জনাইছে, এতিয়াৰে পৰা ৰেচনৰ দোকানসমূহত হ’ব ‘কমন ছাৰ্ভিচ চেণ্টাৰ’ অৰ্থাৎ সমূহীয়া সেৱা কেন্দ্ৰ৷ লগতে তাত পোৱা যাব এলপিজি চিলিণ্ডাৰো। দেশৰ ৰেচন ডীলাৰসলক এইমর্মে পত্ৰ দিছে খাদ্য আৰু যোগান বিভাগে ৷
কেন্দ্রীয় চৰকাৰৰ খাদ্য আৰু যোগান মন্ত্রণালয়ৰ সিদ্ধান্ত অনুযায়ী, ৰেচনৰ দোকানত পাঁচ কেজি ওজনৰ ৰন্ধন গেছৰ এলপিজি চিলিণ্ডাৰ উপলব্ধ হ’ব। লগতে ৰেচনৰ দোকানবোৰক ‘কমন ছার্ভিচ চেণ্টাৰ’ হিচাবে সোনকালে আৰম্ভ কৰিবলৈও কোৱা হৈছে। তাৰ ফলত এই দোকানবোৰত এতিয়াৰে পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ উপৰি তাৰ পৰাই মোবাইল আৰু বিদ্যুতৰ বিল পৰিশোধ, ৰে’ল আৰু বিমানৰ টিকট কাটিব পৰা যাব। লগতে ৰেচনৰ দোকানতো ভোটাৰ আৰু আধাৰ কার্ড বনাব পৰা যাব।













