![]()
হোজাইৰ পৰা মনোজ কুমাৰ পাঠক
ড্ৰাগছৰ বিৰুদ্ধে অধিক তীব্ৰতৰ হৈ পৰিছে হোজাই আৰক্ষী। নিশা হীৰাবস্তিৰ পৰা গ্ৰেপ্তাৰ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। আফতাব আলী নামৰ কুখ্যাত যুৱকজনক হীৰাবস্তিৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ।
হীৰা বস্তিৰ আফতাব আলীৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰা চলিছিল ব্ৰাউন ছুগাৰৰ ৰমৰমীয়া ব্যৱসায়। আফতাব আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৩০টাকৈ ব্ৰাউন ছুগাৰৰ কনটেনাৰ। ১০টা কনটেনাৰ ভৰ্তি আৰু ২০টা কৈ খালি ব্ৰাউন ছুগাৰৰ কনটেনাৰ জব্দ হোজাই আৰক্ষীৰ।
হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিৰ নেতৃত্ব ত চলিছিল এই অভিযান। ব্ৰাউন ছুগাৰসহ হীৰাবস্তিৰ আফতাব আলিক গ্ৰেপ্তাৰ কৰি শংকৰদেৱ নগৰ আদালতত হাজিৰ। আফতাব আলীৰ লগত জড়িত এটা বৃহৎ চক্ৰ হোজাই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।












