ষ্টাফ ৰিপ’ৰ্টাৰ
শীতৰ হাড় কপোৱা জাৰৰ মাজতে বুধবাৰৰ পৰা আৰম্ভ হ’ল চানমাৰি অসম গ্ৰন্থমেলা। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰে গ্ৰন্থমেলাখন। অসম প্ৰকাশন পৰিষদ আৰু পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই যৌথভাৱে এইবাৰ আয়োজন কৰিছে অসম গ্ৰন্থমেলা। গ্ৰন্থমেলা উদ্বোধন কৰি শিক্ষামন্ত্ৰী পেগুৱে কয়- দুটা বছৰ ক’ভিডৰ পাছত পুনৰ গ্ৰন্থমেলালৈ ৰাইজ আহিছে। গ্ৰন্থ সমাদৰ আছিল আৰু আছে। সৰু-সৰু চহৰত গ্ৰন্থমেলা আয়োজন হৈছে ভাল কথা। মই ভাৱো শাৰীৰিক-মানসিক অন্তদণ্ড বশ কৰা উত্তম-মাধ্যমেই গ্ৰন্থ। কিতাপ পঢ়িয়েই বিদেশ ভ্ৰমণ কৰিব পাৰি। কিতাপ পঢ়াত যোগাত্মক প্ৰচাৰৰ প্ৰয়োজন বুলি লগতে তেওঁ কয়।
ইণ্টাৰনেটৰ ধামখুমীয়াত কিতাপৰ সমাদৰ ম্লান হোৱা নাই। উপন্যাস, গল্প ৰচনাই সমাজ এখনক জীয়াই ৰাখিব নোৱাৰে। গৱেষণা লব্ধ গ্ৰন্থই অধিক সমাদৰ লাভ কৰিব লাগে।শংকৰদেৱৰ দিনৰ পৰাই অসমত জ্ঞানৰ আন্দোলন আৰম্ভ হৈছিল’ -উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তই এইদৰে কয়।
বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভা সভাপতি কুলধৰ শইকীয়াই গ্ৰন্থৰ অধ্যয়নৰ বহল ব্যাখ্যা দাঙি ধৰে। অসমীয়া ভাষা নৱপ্ৰজন্ম মাজলৈ কিদৰে ডিজিটেলাইজেচনৰ যুগে লৈ যাব লাগিব তাৰো বহল ব্যাখ্যা দাঙি ধৰে শইকীয়াই।গ্ৰন্থ অধ্যয়নে এগৰাকী ব্যক্তিৰ কণ্ঠস্বৰ উপলব্ধি কৰাব পাৰে। যিসমূহ বিষয় ওপৰত অসমীয়া ভাষা গ্ৰন্থ নাই সেইসমূহ বিষয়ত আলোচনা প্ৰয়োজন। যুগৰ লগত ভাষা-সাহিত্য আগবাঢ়ি যাব লাগিব। ভাল কিতাপ লিখিলে মানুহে পঢ়িবই। কিতাপৰ সৌৰভ- সুৰভি আছে- শইকীয়াই ভাষণত এইদৰে কয়।
ইফালে, গ্ৰন্থমেলা শুভাৰম্ভণিৰ অনুষ্ঠানতে প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা ডঃ নন্দিতা দেৱীক আৰু শ্ৰেষ্ঠ প্ৰকাশক বঁটা জ্যোতি প্রকাশনৰ স্বত্বাধিকাৰী নগেন শৰ্মাক শিক্ষামন্ত্ৰী পেগুৱে প্ৰদান কৰে। বঁটাত আছে ২লাখকৈ টকা লগতে গামোচা, মানপত্ৰ আৰু কিতাপৰ টোপোলা।
আনহাতে, বঁটা প্ৰদান কৰি মন্ত্ৰী ডাঃ পেগু ঘোষণা অহা বৰ্ষ পৰা অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটাত থাকিব ৫ লাখকৈ টকা।
অহা ৯ জানুৱাৰীলৈ ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা অসম গ্ৰন্থমেলাত ১৫০টাকৈ প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে। প্ৰায় ৪০খন নতুন গ্ৰন্থ উন্মোচন হ’ব গ্ৰন্থমেলাত। তাৰে ১৬খন প্ৰকাশন পৰিষদৰ। আজি ৮খন পৰিষদৰ গ্ৰন্থ উন্মোচন কৰা হয়, এই কথা জনাই সচিব প্ৰমোদ কলিতাই।