ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শিক্ষামন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘অসম গ্ৰন্থমেলা’

News Desk by News Desk
December 29, 2021
Reading Time: 1 min read
A A
0
শিক্ষামন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘অসম গ্ৰন্থমেলা’

New Logo Very Smal | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

শীতৰ হাড় কপোৱা জাৰৰ মাজতে বুধবাৰৰ পৰা আৰম্ভ হ’ল চানমাৰি অসম গ্ৰন্থমেলা। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰে গ্ৰন্থমেলাখন। অসম প্ৰকাশন পৰিষদ আৰু পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই যৌথভাৱে এইবাৰ আয়োজন কৰিছে অসম গ্ৰন্থমেলা। গ্ৰন্থমেলা উদ্বোধন কৰি শিক্ষামন্ত্ৰী পেগুৱে কয়- দুটা বছৰ ক’ভিডৰ পাছত পুনৰ গ্ৰন্থমেলালৈ ৰাইজ আহিছে। গ্ৰন্থ সমাদৰ আছিল আৰু আছে। সৰু-সৰু চহৰত গ্ৰন্থমেলা আয়োজন হৈছে ভাল কথা। মই ভাৱো শাৰীৰিক-মানসিক অন্তদণ্ড বশ কৰা উত্তম-মাধ্যমেই গ্ৰন্থ। কিতাপ পঢ়িয়েই বিদেশ ভ্ৰমণ কৰিব পাৰি। কিতাপ পঢ়াত যোগাত্মক প্ৰচাৰৰ প্ৰয়োজন বুলি লগতে তেওঁ কয়।

ইণ্টাৰনেটৰ ধামখুমীয়াত কিতাপৰ সমাদৰ ম্লান হোৱা নাই। উপন্যাস, গল্প ৰচনাই সমাজ এখনক জীয়াই ৰাখিব নোৱাৰে। গৱেষণা লব্ধ গ্ৰন্থই অধিক সমাদৰ লাভ কৰিব লাগে।শংকৰদেৱৰ দিনৰ পৰাই অসমত জ্ঞানৰ আন্দোলন আৰম্ভ হৈছিল’ -উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তই এইদৰে কয়।

বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভা সভাপতি কুলধৰ শইকীয়াই গ্ৰন্থৰ অধ্যয়নৰ বহল ব্যাখ্যা দাঙি ধৰে। অসমীয়া ভাষা নৱপ্ৰজন্ম মাজলৈ কিদৰে ডিজিটেলাইজেচনৰ যুগে লৈ যাব লাগিব তাৰো বহল ব্যাখ্যা দাঙি ধৰে শইকীয়াই।গ্ৰন্থ অধ্যয়নে এগৰাকী ব্যক্তিৰ কণ্ঠস্বৰ উপলব্ধি কৰাব পাৰে। যিসমূহ বিষয় ওপৰত অসমীয়া ভাষা গ্ৰন্থ নাই সেইসমূহ বিষয়ত আলোচনা প্ৰয়োজন। যুগৰ লগত ভাষা-সাহিত্য আগবাঢ়ি যাব লাগিব। ভাল কিতাপ লিখিলে মানুহে পঢ়িবই। কিতাপৰ সৌৰভ- সুৰভি আছে- শইকীয়াই ভাষণত এইদৰে কয়।

ইফালে, গ্ৰন্থমেলা শুভাৰম্ভণিৰ অনুষ্ঠানতে প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা ডঃ নন্দিতা দেৱীক আৰু শ্ৰেষ্ঠ প্ৰকাশক বঁটা জ্যোতি প্রকাশনৰ স্বত্বাধিকাৰী নগেন শৰ্মাক শিক্ষামন্ত্ৰী পেগুৱে প্ৰদান কৰে। বঁটাত আছে ২লাখকৈ টকা লগতে গামোচা, মানপত্ৰ আৰু কিতাপৰ টোপোলা।

আনহাতে, বঁটা প্ৰদান কৰি মন্ত্ৰী ডাঃ পেগু ঘোষণা অহা বৰ্ষ পৰা অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটাত থাকিব ৫ লাখকৈ টকা।

অহা ৯ জানুৱাৰীলৈ ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা অসম গ্ৰন্থমেলাত ১৫০টাকৈ প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে। প্ৰায় ৪০খন নতুন গ্ৰন্থ উন্মোচন হ’ব গ্ৰন্থমেলাত। তাৰে ১৬খন প্ৰকাশন পৰিষদৰ। আজি ৮খন পৰিষদৰ গ্ৰন্থ উন্মোচন কৰা হয়, এই কথা জনাই সচিব প্ৰমোদ কলিতাই।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
ADVERTISEMENT
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx