![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লামডিং বনাঞ্চলৰ পৰা বন্দুকসহ আটক চাৰিজন চোৰাংচিকাৰী। লামডিং বনাঞ্চলৰ উচ্ছেদিত অঞ্চলৰ ঠেদংনলাৰ পৰা বন বিভাগে আটক কৰে চাৰিজন চোৰাংচিকাৰীক। আটকাধীন কেইজনৰ নাম ক্ৰমে সঞ্জীত চাকমা, সুক্ৰচাৰ্য্য চাকমা, জয়বীৰ চাকমা আৰু সঞ্জীত কুমাৰ চাকমা।
বৰ্তমান আটাইকেইজনক লংকাৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত ৰখা হৈছে। উল্লেখ্য যে, চোৰাংচিকাৰী কেইজনে লামডিং বনাঞ্চলৰ উচ্ছেদিত অঞ্চলত টম্বুতৰি বিগত কেইদিনমানৰ পৰা আছিল।












