![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসমীয়া সাহিত্য জগতলৈ আন এক ভাল খবৰ। জ্ঞানপীঠ বঁটাৰ পাছত এইবাৰ অসমলৈ সাহিত্য অকাডেমী। বিশিষ্ট ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা। সাহিত্যকগৰাকীয়ে ‘ইয়াত এখন অৰণ্য আছিল’ গ্ৰন্থৰ বাবে লাভ কৰিছে এই বঁটা। উল্লেখ্য এখন অৰণ্যৰ, এটা পাহাৰ ওপৰত আধাৰিত ‘ইয়াত এখন অৰণ্য আছিল’ শীৰ্ষক গ্ৰন্থখন।

আনহাতে, যুৱ সাহিত্যক মৃণাল কলিতাৰ ‘বকুল ফুলৰ দৰে’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বাল বঁটা আৰু অভিজিৎ বৰা ‘ডেউকা কোবাই যায়’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি যুৱ বঁটালৈ নিৰ্বাচিত হৈছে।
উল্লেখ্য যে অসমৰ পৰা ১০খন গ্ৰন্থ এইবাৰ সাহিত্য অকাডেমি বাবে মনোনীত হৈছিল।













