![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। শিক্ষামন্ত্ৰী ৰণোজ পেগুই বৃহস্পতিবাৰে সৰ্বশিক্ষা অভিযান মিছনত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত ঘোষণা কৰে।
আনহাতে, এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষা সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ।
লগতে অহা ৩ জানুৱাৰীৰ পৰা প্ৰতিখন জিলাৰ শিক্ষানুষ্ঠানতে আৰম্ভ হ’ব কোভিড প্ৰতিষেধক প্ৰক্ৰিয়া।
প্ৰতিখন জিলাতে প্ৰতিদিনে ১৫ খনকৈ বিদ্যালয়ক সামৰি লোৱাৰ লক্ষ্য স্বাস্থ্য বিভাগৰ।
প্ৰতিষেধক প্ৰদানৰ সময়খিনিত প্ৰতিজন অভিভাৱকেও ল’ব লাগিব দ্বিতীয় পালি ভেকচিন।
বৈঠকৰ শেষত এই গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।













