![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলঙত দুৰ্ঘটনামুক্ত অসম গঢ়াৰ চৰকাৰৰ প্ৰচেষ্টাত পাহাৰীয়া জিলা কাৰবি আংলঙত বিভাগীয় কৰ্তৃপক্ষই তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ বছৰৰ অন্তিম দিন আৰু নৱবৰ্ষৰ প্ৰথমটো দিন ৰাজ্যৰ ঘাই পথসমূহত দুৰ্ঘটনাৰ পৰিমান হ্ৰাস কৰিবলৈ কঠোৰ যান-বাহন আইন বলৱৎ কৰাৰ সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰবি আংলঙতো পথ সুৰক্ষা সন্দৰ্ভতো জিলা প্ৰশাসন সস্থম হৈ পৰিছে ৷
এইলৈ আজি জিলা উপায়ুক্ত দিবাকৰ নাথে এক সংবাদমেলৰ আয়োজন কৰি পথ সুৰক্ষা সন্দৰ্ভত ল’ব লগা সজাগতা সন্দৰ্ভত সদৰি কৰে ৷ উপায়ুক্ত গৰাকীয়ে ঘোষণা কৰা অনুসৰি পাহাৰীয়া জিলা কাৰবি আংলঙত অহা ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰা হৈছে ৷ মূলতঃ সুৰাপান কৰি, হেলমেট বিহীন, ছীট বেল্ট অবিহনে অতি গতিবেগ আৰু কম বয়সীয়া চালকে বাহন চলোৱাৰ বাবেই অধিক সংখ্যক পথ দুৰ্ঘটনা হোৱা বুলি উল্লেখ কৰি মানুহৰ জীৱন আৰু সু-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী দুয়োটা দিনতে জিলাখনত ১৪৪ ধাৰা আৰোপ কৰা হৈছে বুলি জানিব দিয়ে ৷ ১৪৪ ধাৰা অব্যাহত থকাৰ সময়ছোৱাত জিলাখনত কোনো লোকে সুৰাপান কৰি বাহন চলোৱাত নিষেধাজ্ঞা জাৰী কৰাৰ লগতে সুৰাৰ বিপণীসমূহ সন্মুখত সুৰাপান নকৰাকৈ বাহন চলোৱাৰ নিৰ্দেশনাৰ চাইন বোৰ্ড আঁৰি থোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ লগতে হেলমেট আৰু ছীট বেল্ট নলগোৱা আৰক্ষীক ইন্ধন বিক্ৰি নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ কম বয়সীয়া চালকৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰী কৰি এই ক্ষেত্ৰত কম বয়সীয়া চালকৰ অভিভাৱকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে ৷
আনহাতে পথ সুৰক্ষাৰ ক্ষেত্ৰত জিলাখনত জিলা প্ৰশাসন, পৰিবহন বিভাগ, আৰক্ষী বিভাগ আৰু আৱকাৰী বিভাগে যৌথভাৱে কাম কৰি আছে বুলি জানিব দিয়ে ৷
আনহাতে জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈয়ে সংবাদমেলত জানিব দিয়ে যে, যোৱা ডিচেম্বৰ মাহত জিলাখন কেৱল হেলমেট বিহীন চালকৰ ওপৰত ১০০০ ওপৰত গোছৰ পঞ্জীয়ন কৰাৰ বিপৰীতে ছীট বেল্ট নিপিন্ধাৰ বাবে ৪০০টা গোছৰ পঞ্জীয়ন কৰা হৈছে ৷ ইয়াৰোপৰি জৰিমনা হিছাপে ই পেইমেণ্ট যোগে ডেৰ লাখ টকা সংগ্ৰহ কৰা হৈছে ৷












