বিনষ্ট শৈক্ষিক বাতাবৰন: বিদ্বৎ সমাজৰ তীব্ৰ প্ৰতিক্ৰিয়া
ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়: আজিও ডিব্ৰুগড় বিশ্ববিদ্যালয়খনত তীব্ৰ উত্তেজনা অব্যাহত আছে। ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষোভৰ বহি:প্ৰকাশে বিশ্ববিদ্যালয়ৰ চৌহদ কপাই তুলিছে।
আজি বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী আয়োগে কালি বাতিল কৰা প্ৰাৰ্থী তালিকা খন আজি পুনৰ গৃহীত কৰাত একাংশৰ মুখত হাঁহি বিৰিঙে যদিও আন একাংশই ইয়াৰ তীব্ৰ বিৰোধিতা কৰে।
ফলত উতপ্ত হৈ পৰিছে বিশ্ববিদ্যালয়।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী আয়োগে পুণৰ ঘোষণা কৰা তালিকা অনুসৰি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে শ্যাম সুন্দৰ ভূঞাৰ কোনো প্ৰতিদ্বন্দী নথকাৰ লগতে সাংস্কৃতিক সম্পাদক কৃষ্ণ মণি শইকীয়া, ছাত্র জিৰণি কোঠাৰ কুণ্ডন দত্ত, ছাত্ৰী জিৰণি কোঠাৰ হৰিপ্ৰিয়া বৰা,আন্ত:ক্ৰীড়া বিভাগৰ তপন বৰুৱা আৰু ভলীবল বিভাগত ৰাজ ৰঞ্জন শইকীয়াৰ কোনো প্ৰতিদ্বন্দী নাই।
সেয়ে তেওঁলোক আটাইকেইজনক ২০১৯-২০ বৰ্ষৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ বুলি ঘোষণা কৰে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি যোৱা ১৬,চেপ্তেম্বৰতো উত্তাল হৈ পৰিছিল বিশ্ববিদ্যালয়ৰ চৌহদ।
বাতিল হৈছিল নিৰ্বাচন,ভংগ হৈছিল নিৰ্বাচনী আয়োগ।পৰৱৰ্ত্তী সময়ত পুনৰ নিৰ্বাচন আয়োগ গঠন কৰি অহা ৩০ চেপ্তেম্বৰত নিৰ্বাচনৰ দিন ঘোষণা কৰা হয়।
ইয়াকে লৈ মনোনয়ন পত্ৰ জমা কৰিছিল প্ৰাৰ্থীসকলে।সেই মৰ্মে বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী সমিতিয়ে স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ নিৰ্বাচনৰ সাধাৰণ সম্পাদক পদত শ্যাম সুন্দৰ ভূঞা আৰু সাংস্কৃতিক সম্পাদক পদত কৃষ্ণামণি শইকীয়া বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰা বুলি যোৱা মংগল বাৰে বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী সমিতিয়ে জাননী জাৰি কৰিছিল।
উল্লেখ্য যে মনোনয়ন পত্ৰ পৰীক্ষণৰ পাছত, মনোনয়ন পত্ৰত বিশেষ ক্ৰতি ৰৈ যোৱাৰ বাবে সাধাৰণ সম্পাদক পদৰ প্ৰতিদ্বন্দী প্ৰাথী মৃগাংক কিশোৰ বৰুৱাৰ মনোনয়ন পত্ৰ বাতিল হৈছিল।কিন্তু বুধবাৰে সন্ধিয়া হঠাৎ বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী আয়োগে এক জাননীৰ জৰিয়তে মংগল বাৰে ঘোষণা কৰা তালিকা খন বাতিল কৰা বুলি পুনৰ জাননী জাৰি কৰাত বিশ্ববিদ্যালয় উতপ্ত হৈ পৰে।
ইফালে সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী মৃগাংক কিশোৰ বৰুৱাৰ মনোনয়ন পত্ৰ বাতিল হোৱাৰ পাছতে শ্যাম সুন্দৰ ভুঞা বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱাত সৰ্মথক সকলে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হৈছিল বিশ্ববিদ্যালয়ত।আনহাতে সংবাদ মাধ্যমটো বাতৰি প্ৰকাশ হোৱাত সকলোতে হৈ-চৈৰ সৃষ্টি হৈছিল।
ইয়াৰ পাছতে পুনৰাই বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী আয়োগৰ ৰহস্যজনক সিদ্ধান্তই বিশ্ববিদ্যালয়ত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰা লগতে এক উতপ্ত পৰিস্থিতি সৃষ্টি হয়। বিশ্ববিদ্যালয়ৰ ছাত্র ছাত্ৰী সকল এনে কাৰ্যত অসন্তুষ্ট হৈ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন ঘেৰাও কৰি পৰিবেশ উত্তাল কৰি তোলে।
অহা ৩০ছেপ্টেম্বৰত হব লগা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ প্ৰাৰ্থী চুড়ান্ত তালিকা প্ৰকাশ কৰা পাছত পুণৰ বাতিল কৰা কাৰ্যত ক্ষুভিত হৈ পৰে ছাত্র সমাজ। আনহাতে বিশ্ববিদ্যালয়ৰ নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তৰো একাংশ ছাত্র-ছাত্ৰীয়ে বিৰোধিতা কৰি আজি পুণৰ প্ৰশাসনিক ভৱন ঘেৰাও কৰে।
বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক দুৰ্বলতাৰ বাবেই এনেদৰে বাৰম্বাৰ শৈক্ষিক পৰিবেশ বিনস্ত কৰি বিশ্ববিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলা কাৰ্যক বিভিন্ন জনে সমালোচনা কৰিছে।













