![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ২০২২ ইংৰাজী বৰ্ষৰ প্ৰথম দিনটোতে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে কৰ্ম-সংস্কৃতিৰ মাজেৰে আৰম্ভ কৰিছে জিলাখনৰ উন্নয়ণমুখী যাত্ৰাৰ ৷ আজি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে টীম কাৰবি আংলং হিচাপে সাংসদ হৰেণ ছিং বে’, বিধায়ক দ্বয় দৰচিং ৰংহাঙ, বিদ্যাছিং ইংলেঙ, পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য/সদস্যা আৰু সদস্যৰ লগতে ডিফু মিউনিচিপালটি বোৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ’কে আদি কৰি কেইবাগৰাকী গন্যমান্য ব্যক্তিক লগত ডিফু মিউনিচিপালটি বোৰ্ডৰ অধীনস্থ বিভিন্ন আঁচনিৰ শুভ উদ্ধোধন কৰে ৷ ইয়াৰ ভিতৰত বছৰৰ পহিলা দিনৰ উপহাৰ হিচাপে ডিফু চহৰৰ হৃদয়স্থলী এমি পথৰ কাষৰ নয়নাভিৰাম ফাউন্টেন অন্যতম আকৰ্ষণ৷ ডিফু ডিএভি হোষ্টেলৰ কাষত এটি জিৰণি চ’ৰাৰে আনুষ্ঠানিকভাবে ১৪টা জিৰণি চ’ৰা আৰু ১৭টা পেভাৰ্ট ব্লকেৰে নিৰ্মিত পথ আৰ ডিফু চহৰৰ মাজমজিয়াত এটি ফাউণ্টেনৰ শুভ উদ্ধোধন কৰে মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত তুলিৰাম ৰংহাঙে কয় যে, জিলাখনত স্থায়ী শান্তি স্থাপনৰ বাবে বিভিন্ন জাতি-জনগোষ্ঠীৰ সম উন্নয়ণ সমবিকাশ প্ৰয়োজন ৷ জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মুখত হাঁহি বিৰিঙি থকাটো তেওঁ কামনা কৰে ৷ নতুন বছৰৰ প্ৰথমটো দিনতে ঘৰতে বহি নাথাকি ডিফু চহৰত কেইবাটাও উন্নয়ণমূলক আঁচনিৰ শুভ উদ্ধোধন কৰি কৰ্ম সংস্কৃতিৰ পৰিচয় দিয়া হৈছে বুলি মন্তব্য কৰে ৷
আনহাতে ২০৭২ বৰ্ষত জিলাখন যাতায়ত ব্যৱস্থাত পিছপৰি থকা দিশসমূহত গুৰুত্ব আৰোপ কৰিব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ৷












