![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ২০২০ বৰ্ষৰ শেষৰফালে ভাৰত ভাৰ্চুৱেল ইউনিভাৰচিটি ফৰ পীচ এণ্ড ডেভলপমেণ্ট শীৰ্ষক বিশ্ববিদ্যালয়ে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক কাৰবি আংলঙত অভূতপূৰ্ব উন্নয়ণমূলক কামৰ বাবে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল ৷ ইয়াৰ পিছতে জিলাখনৰ বিভিন্ন দল-সংগঠনে ডাঃ তুলিৰাম ৰংহাঙক ধাৰাবাহিক সম্বৰ্ধনা জনাই আহিছে ৷ তুলিৰাম ৰংহাঙে উক্ত সন্মানৰ স্বীকৃতিৰ বাবে আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতেই অসম সাহিত্য সভাৰ ৰাংছিনা ভৱনে ডাঃ তুলিৰাম ৰংহাঙক ৰাংছনা ভৱনতে উষ্ম সম্বৰ্ধনা জনায় ৷ ডিফু ৰাংছিনা ভৱনত সাহিত্য জগতৰ সুধী আৰু ৰাংছিনা ভৱনৰ বিষয়া-কৰ্মীসকলে ডাঃ তুলিৰাম ৰংহাঙক উষ্ম আদৰণি জনায় ৷ ৰাংছিনা ভৱনৰ সভা কক্ষত ৰাংছিনা ভৱন ডিফুৰ সম্পাদক জয়ছিং টকবিয়ে আঁতধৰা এক গাম্ভীৰ্যপূৰ্ণ সভাত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক প্ৰশস্তি পত্ৰ, শৰাই, জাঁপি, কাৰবি জেকেট, চেলেং আৰ পহ’ৰে সম্বৰ্ধনা জনোৱা হয় ৷
ইয়াৰোপৰি অসম সাহিত্য সভাৰ ডিফু আঞ্চলিকৰ সভাপতি সম্পাদক ক্ৰমে, অজিত চিংনাৰ আৰু প্ৰফুল্ল চন্দ্ৰ মহন্তয়ো ডাঃ তুলিৰাম ৰংহাঙত সম্বৰ্ধনা জনোৱাৰ লগতে এখনি প্ৰশস্তি পত্ৰ প্ৰদান কৰে ৷ সাহিত্য সভাৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণ প্ৰসংগত ডাঃ তুলিৰাম ৰংহাঙে কয় যে, ৰাংছিনা ভৱনৰ পৰা সম্বৰধনা গ্ৰহণ কৰি তেওঁ বহু আনন্দিত ৷ জিলাখনৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমউন্নয়ণ, সমবিকাশ তেওঁৰ লক্ষ্য ৷ জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠী ধৰ্মালম্বী লোকসকলৰ লগতে সাংসদ, বিধায়ক, পৰিষদৰ কাৰ্যবাহী সদস্য, আৰু সদস্য লগত লৈ টীম কাৰবি আংলং হিচাপে উন্নয়নমুলক কাম কৰাৰ লগত পিছপৰা জিলাখনত স্থায়ী শান্তি ঘূৰাই অনাৰ বাবে কাম কৰা হৈছে ৷












