ASSAM TIMES POST
প্সুৰজ কুমাৰ মহতৌ, পৰ্ব্বতঝোৰাঃ গৌৰীপুৰৰ পৰ্ব্বতঝোৰা মহকুমাৰ বিভিন্ন প্ৰান্তত আগন্তক শ্বাৰদীয় দূৰ্গা পূজা উপলক্ষে ১ নং পৰ্ব্বতঝোৰাৰ পৰিসদীয় সমষ্টিৰ বি পি এফৰ প্ৰাক্তন টি ছি এল ছিৰ সভাপতি সহেন ব্ৰম্মই ৰূপহীত শতাধিক দুখীয়া মহিলা সকলক এখনকৈ শাড়ী বিতৰন কৰে৷
সহেন ব্ৰম্মই শাৰদীয় দূৰ্গা পূজা উপলক্ষে পৰ্ব্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰু ৰূপহীত হতিমধ্যে দুখীয়া মহিলা সকলক শাড়ী বিতৰণ কৰা পৰিলক্ষিত হয়৷ কাইলৈ দলগাওঁ আৰু পৰৱৰ্তী বাঁহবাৰী, টিপকাই, আদি অঞ্চলত দুখীয়া মহিলা সকলক শাড়ী বিতৰন কৰিব বুলি মন্তৱ্য প্ৰকাশ কৰে৷
প্ৰতি বছৰৰ দৰে এইবাৰো পৰম্পৰাগতভাৱে শাৰদীয় দূৰ্গা পূজা উপলক্ষে দূখীয়া মহিলা সকলক শাড়ী বিতৰণ কৰে৷ সহেন ব্ৰম্মই নিজৰ গাঁঠিৰ ধন অপচয় কৰি দুখীয়া মহিলা সকলক শাড়ী বিতৰণ কৰি নিজকে সন্তুষ্ঠ অনুভৱ কৰে৷ সহেন ব্ৰম্মৰ দেউতাকৰ দিনৰ পৰাই এই পৰম্পাৰা চলি আহিছে৷ ইয়াৰোপৰি ঈদ উপলক্ষে দুখীয়া লোকক এনেদৰে কাপোৰ বিতৰণ কৰি আহিছে৷













