ASSAM TIMES POST
গুৱাহাটীঃ ভাৰতৰ নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে কয় যে সদ্য প্ৰকাশিত অসমৰ উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত যিসকল লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকে এই সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধীকৰণত চলি থকা পৰ্যন্ত ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব।
আয়োগৰ এই ঘোষণাই আগন্তুক বিধানসভা উপ-নিৰ্বাচনত যে এনআৰচিত নাম নথকা লোকেও ভোটদান কৰিব পাৰিব সেয়া সুনিশ্চিত কৰিলে। সমান্তৰালভাৱে ‘ডি’ ভোটাৰৰ প্ৰসংগত আয়োগে কয় যে এইসমূহ লোকৰো ভোটাধিকাৰ বাহাল থাকিব।
প্ৰসংগক্ৰমে, অহা ২১ অক্টোবৰত ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টি ক্ৰমে সোণাৰি, বালিপৰা, জনীয়া আৰু ৰাতাবাৰীৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব।













