ASSAM TIMES POST
গুৱাহাটীঃ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ দাবীত ১, ২, ৩ অক্টোবৰ আৰু ১০, ১১ অক্টোবৰত কৰ্মবিৰতি ঘোষণা কৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে।
পৰিষদৰ সভাপতি বুলবুল দাস আৰু যুটীয়া সম্পাদক ধ্ৰুৱজ্যোতি বৈশ্য আৰু মুকুতা দাসে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা সদৰী কৰে। বিজ্ঞপ্তিটোত বিষয়ববীয়া কেইজনে কয় যে যোৱা ১২ বছৰে ঠিকাভিত্তিক কৰ্মচাৰীসকলে দায়বদ্ধতাৰে সেৱা আগবঢ়াই অহাৰ পিছতো বৰ্তমানলৈকে চাকৰি নিয়মীয়া নহ’ল।
চাকৰি নিয়মীয়াকৰণকে প্ৰমুখ্য কৰি দৰমহা বৃদ্ধি সম্পৰ্কত পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰীকে ধৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰীৰে কেবাবাৰো আলোচনা-বিলোচনা হয় যদিও কোনো ফল নধৰাতে পৰিষদে এনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয়।
বিজ্ঞপ্তিটোত তেওঁলোকে লগতে কয় যে কৰ্মবিৰতিৰ পাছতো যদি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ১৪ অক্টোবৰৰপৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। উল্লেখ্য, জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোনৰ পঞ্চায়তীৰাজ ব্যৱস্থাৰ কৰ্মচাৰীসকলে তেওঁৰ জন্মদিনটোতো কৰ্মৰপৰা বিৰত থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।













