ASSAM TIMES POST
গুৱাহাটীঃ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শুকুৰবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ পাঠ্যক্ৰমত বাণিজ্য বিষয় অন্তৰ্ভুক্তিকৰণৰ উদ্বোধন কৰে।
গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত ‘এন ইনট্ৰ’ডাকছন টু কমাৰ্ছ’ শীৰ্ষক কাৰ্যসূচীতে শিক্ষামন্ত্ৰীজনে এয়া উদ্বোধন কৰি কয় যে এই পদক্ষেপৰ জৰিয়তে মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বাণিজ্য বিষয়ৰ ওপৰত এক সুন্দৰ আভাস পাবলৈ সক্ষম হ’ব।
উল্লেখ্য, এই ব্যৱস্থাৰদ্বাৰা ২০২০ শিক্ষাবৰ্ষৰপৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বাণিজ্য বিষয়ক ঐচ্ছিক বিষয় হিচাপে গ্ৰহণ কৰিব পাৰিব। ইয়াত মন্ত্ৰীজনে ইয়াৰ পাঠ্যপুথিখনো উন্মোচন কৰে। এই কাৰ্যসূচীত শিক্ষা বিভাগ তথা ছেবাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।













