![]()
নিউজ ডেস্কঃ
ওমিক্রনত প্রথম মৃত্যুৰ সম্ভেদ পোৱা গ’ল দেশত। ৰাজস্থানৰ উদয়পুৰত ৭৩ বছৰীয়া এজন ব্যক্তিৰ ওমিক্রনত আক্রান্ত হৈ মৃত্যু হৈছে। বুধবাৰে এই কথা জনাইছে ৰাজস্থান চৰকাৰে। ৰাজস্থানৰ স্বাস্থ্য বিভাগৰ সূত্রৰ খবৰ মতে, কৰোনাৰ টীকাৰ দুয়োটা পালিয়ে লৈছিল ব্যক্তিজনে। মধুমেহ, উচ্চ ৰক্তচাপৰ দৰে বহুকেইটা কোমর্বিডিটিও আছিল তেওঁৰ।
ব্যক্তিজন লক্ষ্মীনাৰায়ণ নগৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। স্বাস্থ্য বিভাগে জনোৱা মতে, যোৱা ১৫ ডিচেম্বৰত কোভিডত আক্রান্ত হৈছিল ব্যক্তিজন। তেতিয়াৰ পৰাই হস্পিটেলতেই ভর্তি হৈ আছিল তেওঁ। তেওঁৰ শৰীৰত ভাইৰাছৰ মাত্রা বেছি থকাত জিন পৰীক্ষা কৰোৱা হয়। ইয়াৰ পিছতেই ওমিক্রনৰ উপস্থিতি ধৰা পৰে ব্যক্তিজনৰ শৰীৰত।










