![]()
মনোৰঞ্জনঃ
বলীউডৰ বিখ্যাত গায়ক চনু নিগমে ক’ভিড মহামাৰীৰ আগ্ৰাসনত আহিছে। কণ্ঠশিল্পী গৰাকী সহিতে তেওঁৰ পৰিয়াল ডুবাইত আছে আৰু প্ৰত্যেকগৰাকী ব্যক্তি ক’ভিড পজিটিভ হৈ পৰিছে। চনু নিগমে এটি ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কয় যে, “তেওঁ এটা সংগীতানুষ্ঠান আৰু চুপাৰ গায়ক চিজন ৩ ৰ দৃশ্যগ্ৰহণৰ বাবে ভাৰতলৈ অহাৰ কথা আছিল কিন্তু যেতিয়া তেওঁ এটা কোভিড পৰীক্ষা কৰাইছিল তেতিয়া তেওঁ ক’ৰোণা পজিটিভ হৈছিল।
তাৰ পিছত তেওঁ দুবাৰকৈ ক’ভিড পৰীক্ষা কৰাইছিল যদিও প্ৰতিবাৰেই ৰিজাল্ট পজিটিভ আহিছে। চনু নিগমে কয় যে, তেওঁৰ স্বাস্থ্য ভালে আছে আৰু তেওঁৰ ডিঙিও কাম কৰি আছে। কিন্তু তেওঁ নথকা কাৰণে যিখিনি লোকৰ লোকচান হৈছে সেইটো কাৰণে তেওঁ বেয়া অনুভৱ কৰিছে। উল্লেখ্য যে, বৰ্তমান সেই সংগীতানুষ্ঠানত শান আৰু অনু মালিকে তেওঁৰ ঠাই লৈছে।
চনু নিগম ডুবাইত থকা তেওঁৰ ঘৰত পৰিয়ালটোৰ সৈতে কোৱাৰেণ্টাইনত আছে। চনু নিগমে ভিডিঅ’টোত আগলৈ কয় যে, তেওঁৰ চাৰিওফালে থকা বহু লোক ইতিমধ্যে ক’ভিড পজিটিভ আছিল। ক’ৰোণা অতি দ্ৰুতগতিত বিয়পি আছে কিন্তু কাম এইমাত্ৰ আৰম্ভ হৈছিল। চনুৱে কয় যে থিয়েটাৰ আৰু চলচ্চিত্ৰৰ মানুহৰ কাম দুবছৰ ধৰি প্ৰভাৱিত হৈছে।













