![]()
নিউজ ডেস্কঃ
চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটক লৈ উৰা মৰা হেলিকপ্টাৰখন দুর্ঘটনাত পতিত হোৱাৰ কাৰণ হিচাবে পাইলটৰ ভুলকে বুলি অনুমান কৰিছে তদন্তকাৰী দলে। সূত্রৰ খবৰ মতে, দুর্ঘটনাৰ ঠিক আগৰ যি ছবি স্থানীয় লোকসকলে মোবাইলত তুলিছিল সেইবোৰ বিশ্লেষণ কৰিয়েই বিশেষজ্ঞসকলে এই সিদ্ধান্তত উপনীত হৈছে।
উল্লেখ্য, ৮ ডিচেম্বৰত সপত্নীক জেনেৰেল ৰাৱাট আৰু ১১ জনক লৈ সেনাবাহিনীৰ এমআই-১৭ ভি-৫ হেলিকপ্টাৰখন নীলগিৰি পাহাৰত ভূপতিত হয়। উক্ত দুর্ঘটনাৰ তদন্তৰ বাবে বহুকেইটা দল গঠন কৰা হয়, যাৰ ভিতৰত এটি হৈছে দেশৰ অন্যতম শ্ৰেষ্ঠ হেলিকপ্টাৰ পাইলট এয়াৰ মাৰ্শ্বাল মানবেন্দ্র সিঙৰ নেতৃত্বত।
এই দলটোৱে সকলো পৰীক্ষা কৰি সিদ্ধান্তলৈ আহে যে পাইলটে হঠাৎ এনে কোনো সিদ্ধান্ত লৈছিল, যাৰ ফলত হেলিকপ্টাৰখন নীলগিৰি পাহাৰৰ ওপৰলৈ উঠাৰ সলনি পাহাৰখনতে খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত একমাত্র গ্রুপ কেপ্টেইন বৰুণ সিঙক জীৱিত অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও কেইদিনমান পিছতে তেওঁৰো মৃত্যু হয়।
স্থানীয় লোকসকলে হেলিকপ্টাৰখনৰ শেষ যিখন ছবি তুলিছিল তাত দেখা গৈছে যে ক’লা মেঘৰ মাজত সোমাই গৈছে জেনেৰেল ৰাৱাটৰ হেলিকপ্টাৰখন। তাৰ পিছতেই সেইখনে কুন্নুৰত নীলগিৰি পাহাৰৰ গাত খুন্দা মাৰে।
তদন্তকাৰী দলে ভিডিওবোৰৰ এটি এটি ফ্রেম পৰীক্ষা কৰি চাই দেখে যে মেঘৰ মাজত সোমাই পৰাৰ পিছতে হেলিকপ্টাৰখনৰ শব্দ সলনি হৈ গৈছে। ইয়াৰ পৰাই তেওঁলোক সিদ্ধান্তলৈ আহিছে যে মেঘক এৰাই যাবলৈ সম্ভৱত আচম্বিতে উচ্চতা কমাইছিল পাইলটে, যাৰ ফলতেই সন্মুখৰ পাহাৰত খুন্দা খাবলগা হয় হেলিকপ্টাৰখনে।
আনহাতে, বিমানবাহিনীৰ দক্ষ পাইলটসকলে প্রথমৰ পৰাই কৈ আহিছে যে জেনেৰেলক লৈ উৰা মৰা হেলিকপ্টাৰখনত সম্ভৱত কোনো ত্রুটি নাছিল। এনে ধৰণৰ হেলিকপ্টাৰ অতি ভৰসাযোগ্য। ইয়াৰ অৰ্থ এইটোৱেই যে তেওঁলোকে পাইলটৰ ‘মানৱিক ভুল’ৰ দিশেই আঙুলি টোঁৱাইছে। বিশেষজ্ঞসকলক লৈ গঠন কৰা তদন্ত কমিটিৰ পর্যবেক্ষণেও সেই দিশতেই নিৰ্দেশ কৰিছে।













