![]()
নিউজ ডেস্কঃ
গেছ চিলিণ্ডাৰ কঢ়িওৱা ট্ৰাকৰ সৈতে বাছৰ মুখামুখী সংঘর্ষত নিহত হৈছে ১৭ জন। আহত হয় অন্য ২৬ জন। ঝাড়খণ্ডৰ পাকুৰ জিলাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। উক্ত শোকাবহ ঘটনাত শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে।
বৃহস্পতিবাৰে পুৱা ৮.৩০ বজাত গোবিন্দপুৰ–চাহিবগঞ্জত এই দুৰ্ঘটনাটো সংঘটিত হয়। চাহিবগঞ্জৰ বাৰহাৰৱাৰ পৰা দেওঘৰৰ যোশিডিলৈ গৈছিল বাছখন। যাত্ৰী আছিল ৪০ জন। আৰক্ষীৰ ধাৰণা, ঘন কুঁৱলীৰ কাৰণেই সংঘটিত হয় উক্ত দুৰ্ঘটনাটো। বাছখন একেবাৰে মোচোৰা খাই যায়৷ ফলত বেছিভাগ যাত্রীয়েই ভিতৰত আবদ্ধ হৈ পৰে। গেছ কাটাৰেৰে বাছখন কাটিহে যাত্রীসকলক বাহিৰ উলিয়াব পৰা হয়।
আৰক্ষীয়ে জনোৱা মতে, মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। আহতসকলৰ ভিতৰত তিনিজনৰ অৱস্থা সংকটজনক। জিলা প্রশাসনে মৃতকসকলৰ পৰিয়ালক প্ৰত্যেককে এক লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। প্রধানমন্ত্রী মোদীয়ে মৃতকৰ পৰিয়ালক ২ লাখকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে। সমবেদনা জানিয়েছেন।













